জনীয়াৰ বানিয়াৰাপাৰাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
জনীয়াৰ বানিয়াৰাপাৰাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
জনীয়াৰ বানিয়াৰাপাৰাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


বৰপেটা, ৩০ জুলাই (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ বানিয়াৰাপাৰাত যোৱা কালি বুধবাৰে সন্ধিয়া জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । এই অভিযানত ৭ খনকৈ দুচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে । বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াৰাপাৰাত জুৱা খেলৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান।

উল্লেখ্য় যে দীৰ্ঘদিনৰ পৰা বানিয়াৰাপাৰা গাঁৱত অবৈধ জুৱা খেল চলি আছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় যদিও আৰক্ষী অহাৰ উমান পাই জুৱাৰীৰ দলটোৱে পলাই পত্ৰং দিয়ে। অৱশ্যে আৰক্ষীয়ে ৭ খনকৈ দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। চৰকাৰে দূৰ্নীতি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে একাংশই ক্ষমতাৰ বলীয়ান হৈ বানিয়াৰাপাৰাত চলাইছে জুৱা খেল । জিলা প্ৰশাসনে অবৈধ জুৱা খেলৰ লগতে অঞ্চলটোত চলা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আহ্বান জনায় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande