গোৰেশ্বৰৰ গাছবাৰী-গুৰমৌ সংযোগী পথৰ পকী দলংত ভয়ংকৰ গাত
বাক্সা, ২৫ জুলাই (হি.স.)। গোৰেশ্বৰৰ গাছবাৰী-গুৰমৌ সংযোগী পথৰ পকী দলংত ভয়ংকৰ গাত৷ কামৰূপ গ্ৰাম্য আৰু বিটিচিৰ সীমা নিৰ্ধাৰণ কৰা দলং খনত ওলাই আছে দলংত ব্যৱহৃত ৰ’ড৷ কমলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চেচা নৈৰ ওপৰৰ থকা পকী দলংৰ দুৰৱস্থা৷ যিকোনো মুহূৰ্
গোৰেশ্বৰৰ গাছবাৰী-গুৰমৌ সংযোগী পথৰ পকী দলংত ভয়ংকৰ গাত


বাক্সা, ২৫ জুলাই (হি.স.)। গোৰেশ্বৰৰ গাছবাৰী-গুৰমৌ সংযোগী পথৰ পকী দলংত ভয়ংকৰ গাত৷ কামৰূপ গ্ৰাম্য আৰু বিটিচিৰ সীমা নিৰ্ধাৰণ কৰা দলং খনত ওলাই আছে দলংত ব্যৱহৃত ৰ’ড৷ কমলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চেচা নৈৰ ওপৰৰ থকা পকী দলংৰ দুৰৱস্থা৷ যিকোনো মুহূৰ্ততে বিপদ সংঘটিত হব পাৰে যান বাহনৰ লগতে পথচাৰীৰ৷

তাৰ পিছতো দলং মেৰামতিৰ কানষাৰ নাই বিভাগীয় কতৃপক্ষৰ। কানষাৰ নাই বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু দিগন্ত কলিতাৰ। শীঘ্ৰে পথটোত থকা পকী দলংৰ লগতে পথটো মেৰামতি তথা নিৰ্মাণৰ দাবী জনাইছে ৰাইজে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande