গীত, নৃত্য আৰু সংস্কৃতিৰ সুৰেৰে মুখৰিত হৈ উঠিল মাজবাটৰ ফুলগুৰি
ওদালগুৰি, ২৫ জুলাই (হি.স.)। গীত, নৃত্য আৰু সংস্কৃতিৰ সুৰেৰে মুখৰিত হৈ উঠিল মাজবাটৰ ফুলগুৰি। ১৫ দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সফল সমাপ্তিৰে নতুন প্ৰজন্মৰ মাজত নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভালপোৱা জাগ্ৰত কৰাৰ এক প্ৰয়াস সফল হ''ল। অসম চৰকাৰৰ
গীত, নৃত্য আৰু সংস্কৃতিৰ সুৰেৰে মুখৰিত হৈ উঠিল মাজবাটৰ ফুলগুৰি


ওদালগুৰি, ২৫ জুলাই (হি.স.)। গীত, নৃত্য আৰু সংস্কৃতিৰ সুৰেৰে মুখৰিত হৈ উঠিল মাজবাটৰ ফুলগুৰি। ১৫ দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সফল সমাপ্তিৰে নতুন প্ৰজন্মৰ মাজত নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভালপোৱা জাগ্ৰত কৰাৰ এক প্ৰয়াস সফল হ'ল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ৰাংক্ৰাং ৰাভা কৃষ্টি সংঘই আয়োজন কৰা উক্ত কৰ্মশালাত প্ৰায় এশগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সংগীত আৰু নৃত্যৰ প্ৰশিক্ষণ লাভ কৰে।

সামৰনী অনুষ্ঠানত শিশু সকলৰ মনোমোহা পৰিবেশনে সকলোকে মুগ্ধ কৰে। তত্ত্বাৱধায়ক সুদৰ্শন শইকীয়াই কয়, এই কৰ্মশালাৰ মূল লক্ষ্য আছিল শিশুসকলক নিজৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰোৱা। সংস্কৃতিৰ শিপা জীয়াই ৰখাৰ এই প্ৰয়াসে মাজবাটবাসীক আশাৰ নতুন বতৰা কঢ়িয়াই আনিলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande