চতিয়াত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা
নগাঁও, ২৫ জুলাই (হি.স.)। চতিয়াত আৰক্ষীয়ে কালি নিশা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চতিয়া পুৰণা চেন্টাৰৰ '' বৰুৱা ষ্টোৰ'' নামৰ দোকান খনত মজুত কৰি ৰখা অবৈধ বিলাতী সুৰাখিনি জব্দ কৰিবলৈ
চতিয়াত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা


নগাঁও, ২৫ জুলাই (হি.স.)। চতিয়াত আৰক্ষীয়ে কালি নিশা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চতিয়া পুৰণা চেন্টাৰৰ ' বৰুৱা ষ্টোৰ' নামৰ দোকান খনত মজুত কৰি ৰখা অবৈধ বিলাতী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত বিভিন্ন বেণ্ডৰ সুৰা খিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

এতিয়া প্ৰশ্ন হয় অবৈধ ভাৱে মজুত কৰি ৰখা বা বিক্ৰী কৰা সুৰাৰ অবৈধ ব্যৱসায় বন্ধ কৰা বা নিৰিক্ষন কৰিবলৈ অসম চৰকাৰৰ বিয়াগোম আৱকাৰী বিভাগ আছে কিন্তু তেজপুৰ জিলা আৱকাৰী বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবেই আৰক্ষীয়ে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাব লগীয়া হৈছে।তেজপুৰ জিলা আৱকাৰী অধিক্ষকৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰৰ ছত্ৰছায়াতে চলাই আহিছে নেকি এই অবৈধ বিলাতী সুৰাৰ বেহা ৰাইজৰ মাজত স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপিত হৈছে।যি কাম কৰিব লাগে অসম চৰকাৰৰ আৱকাৰী বিভাগে কিন্তু আৱকাৰী বিভাগৰ নিদ্ৰাৰত অৱস্থাত অসম আৰক্ষীয়ে চলাবলৈ বাধ্য হৈছে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande