ধিঙত চিআইডিৰ অভিযানত প্ৰৱঞ্চক আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ
নগাঁও, ২৫ জুলাই (হি.স.)। ধিঙত কালি নিশা চিআইডিৰ অভিযান। চিআইডিৰ জালত পৰিল ধিঙৰ লালিপথাৰৰ প্ৰৱঞ্চক আনোৱাৰ হুছেইন। চিআইডিৰ দলে চলোৱা এক বিশেষ অভিযানত মৈৰাবাৰীৰ গৰুখুটিৰ পৰা প্ৰৱঞ্চক আনোৱাৰক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, প্ৰৱঞ্চক আনোৱাৰ হুছেইনে
ধিঙত চিআইডিৰ অভিযানত প্ৰৱঞ্চক আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ


নগাঁও, ২৫ জুলাই (হি.স.)। ধিঙত কালি নিশা চিআইডিৰ অভিযান। চিআইডিৰ জালত পৰিল ধিঙৰ লালিপথাৰৰ প্ৰৱঞ্চক আনোৱাৰ হুছেইন। চিআইডিৰ দলে চলোৱা এক বিশেষ অভিযানত মৈৰাবাৰীৰ গৰুখুটিৰ পৰা প্ৰৱঞ্চক আনোৱাৰক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, প্ৰৱঞ্চক আনোৱাৰ হুছেইনে বিগত সময়ছোৱাত চাকৰিৰ প্ৰলোভন দেখুৱাই বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰিছিল।

অসমৰ বিভিন্ন প্ৰান্তত চাকৰিৰ নামত প্ৰৱঞ্চনাৰ জাল বিস্তাৰ কৰি চলাই আহিছিল প্ৰৱঞ্চনা । অৱশেষত চিআইডিৰ এটা দলে ধিঙৰ লালিপথাৰ আৰু মৈৰাবাৰীৰ গৰুখুটিত অভিযান চলাই প্ৰৱঞ্চক আনোৱাৰ হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। নিশাই এই প্ৰৱঞ্চক জনক লৈ চিআইডিৰ দল ধিং থানাত উপস্থিত হয় আৰু প্ৰয়োজনীয় আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত গুৱাহাটীলৈ লৈ যোৱা হয়। প্ৰৱঞ্চক আনোৱাৰৰ সৈতে কোন কোন প্ৰভাৱশালী ব্যক্তি জড়িত আছে সেয়া চিআইডিৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্টভাৱে পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande