ৰূপহীহাট আৰক্ষীৰ সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, ধৃত ১
ৰূপহীহাট আৰক্ষীৰ সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
ৰূপহীহাট আৰক্ষীৰ সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, ধৃত ১


নগাঁও, ২১ জুলাই (হি.স.): ৰাজ্যত অব্যাহত আছে মাৰাত্মক বৰবিষস্বৰূপ ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। নগাঁপৰ ৰূপহীহাট আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ।

আৰক্ষীৰ অভিযানত যোৱা কালি সোমবাৰে সন্ধিয়া ১৩ টা সন্দেহযুক্ত হেৰ'ইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।ৰূপহীহাটৰ গেৰেকীত অভিযান চলাই সন্দেহযুক্ত হেৰ'ইন সহ আটক কৰে এজন ব্যৱসায়িক। আটকাধিন ড্ৰাগছ ব্যৱসায়ী জন ম'খুলিৰ আতিকুৰ ৰহমান বুলি জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে আতিকুৰ ৰহমানক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande