হাইলাকান্দি চহৰত চুৰিকাণ্ড– ব্যৱসায়ীৰ ঘৰৰ পৰা নগদ ৩ লাখসহ লক্ষাধিক টকাৰ সামগ্ৰী লুট
হাইলাকান্দি, ১৯ জুলাই (হি.স.)। হাইলাকান্দি চহৰৰ নতুনপাৰা অঞ্চলত পুনৰ সংঘটিত হৈছে দুঃসাহসিক চুৰিৰ ঘটনা। এইবাৰ চোৰৰ লক্ষ্য বাউৰঘাট পেট্ৰ''ল পাম্পৰ স্বত্বাধিকাৰী স্বপন দাসৰ বাসগৃহ। জানিব পৰা মতে, যোৱা নিশা দুৰ্বৃত্তই ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি ন
হাইলাকান্দি চহৰত চুৰিকাণ্ড– ব্যৱসায়ীৰ ঘৰৰ পৰা নগদ ৩ লাখসহ লক্ষাধিক টকাৰ সামগ্ৰী লুট


হাইলাকান্দি, ১৯ জুলাই (হি.স.)। হাইলাকান্দি চহৰৰ নতুনপাৰা অঞ্চলত পুনৰ সংঘটিত হৈছে দুঃসাহসিক চুৰিৰ ঘটনা। এইবাৰ চোৰৰ লক্ষ্য বাউৰঘাট পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰী স্বপন দাসৰ বাসগৃহ।

জানিব পৰা মতে, যোৱা নিশা দুৰ্বৃত্তই ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি নগদ প্ৰায় ৩ লাখ টকাসহ সোণৰ গহণা আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুট কৰি নিয়ে । লুট হোৱা সামগ্ৰীৰ মূল্য কেইবালাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।

ঘটনাৰ খবৰ পাই হাইলাকান্দি আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । পুনঃপুনঃ সংঘটিত চুৰিৰ ঘটনাই চহৰবাসীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande