সৰ্থেবাৰীৰ ক্ষুদ্ৰগমুৰাৰত চুৰি কাণ্ড
সৰ্থেবাৰীৰ ক্ষুদ্ৰগমুৰাৰ দ্বিজেন শৰ্মাৰ ঘৰত চুৰি।
সৰ্থেবাৰীৰ ক্ষুদ্ৰগমুৰাৰত চুৰি কাণ্ড


বৰপেটা, ১৮ জুলাই (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ক্ষুদ্ৰগমুৰাত চুৰি কাণ্ড সংঘটিত হৈছে। ক্ষুদ্ৰগমুৰাত দ্বিজেন শৰ্মা নামৰ লোকজনৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত হৈছে । একেটা চোৰৰ দলে দুদিন ধৰি একেটা পৰিয়ালত চুৰি কাৰ্য সংঘটিত কৰে। চুৰি কৰা দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ ৰৈছে । তিনিজন চোৰে ক্ষুদ্ৰগমুৰাৰ দ্বিজেন শৰ্মাৰ ঘৰত দুদিন ধৰি চুৰি কাৰ্য সংঘটিত কৰে।

জানিব পৰামতে, কাঁহৰ বাচন- বৰ্তন, ইনভাৰ্টাৰ, কাপোৰ আৰু বহু মুল্যবান সামগ্ৰী চোৰে লুটি লৈ যায় । ইফালে ইনভাৰ্টাৰৰ বেটেৰীটো ঘৰৰ পৰা ওলাই আনি গেটৰ বাহিৰত পেলাই থৈ যায় । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সৰ্থেবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । লগে লগে ঘটনা স্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া আহি উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande