বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত নিষিদ্ধ য়াৱা টেবলেট জব্দ, ধৃত ১
বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত নিষিদ্ধ য়াৱা টেবলেট জব্দ, ধৃত ১


ধুবুৰী, ১৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত যোৱা কালি শনিবাৰে সন্ধিয়া নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । অভিযানত ৭ হাজাৰ য়াৱা টেবলেট জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা য়াৱা টেবলেট বজাৰ মূল্য প্ৰায় ১ কোটিৰো অধিক বুলি জানিব পৰা গৈছে।

গাওঁ খনৰ বাসিন্দা হানিফ আলীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী জনক । ধৃত ড্ৰাগছ ব্যৱসায়ীজন ছয়গাঁৱৰ গৈৰাইমাৰীৰ আলম আলী বুলি পৰিচয় পোৱা গৈছে । আলম আলীয়ে বিলাসীপাৰা চৰ অঞ্চলৰ ছুৱাপাতা ১ম খণ্ড এজন কাসেম আলী লগত বিক্ৰী কৰাৰ জো-যা চলাইছিল।বিক্ৰী কৰা সময়তেই বিলাসীপাৰা সম জিলা আৰক্ষী অধীক্ষক আৰু শালকোচা আৰক্ষীৰ জালত পৰে ড্ৰাগছ ব্যৱসায়ী আলম আলী । ইফালে ড্ৰাগছ ব্যৱসায়ীৰ আন সহযোগী কাসেম আলী পলাই যাবলৈ সক্ষম হয় । ড্ৰাগছ ব্যৱসায়ী আলম আৰু কাসেমৰ লগত আৰু কোন কোন জড়িত হৈ আছে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande