গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটিত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী
গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটিত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী


ধুবুৰী, ১৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে যোৱা কালি শনিবাৰে নিশা ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানৰ সময়ত আলমগঞ্জ ৰঙামাটিত ড্ৰাগছসহ আটক হয় এজন সৰবৰাহকাৰী । ধৃত সৰ্বৰাহকাৰীজন দামপুৰ গাঁৱৰ মহিজুৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে।

সৰৰাহকাৰীজনৰ পৰা ১০টা ড্ৰাগছ ভৰ্তি কইন্টেনাৰ উদ্ধাৰ কৰা হৈছে। ড্ৰাগছ খিনিৰ ওজন প্ৰায় ১০:২৪ গ্ৰাম বুলি কোৱা হৈছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande