হাইলাকান্দিৰ চুৰিকাণ্ডত পাঁচজন গ্ৰেপ্তাৰ, ২১ গ্ৰাম সোণ উদ্ধাৰ
হাইলাকান্দিৰ চুৰিকাণ্ডত পাঁচজন গ্ৰেপ্তাৰ, ২১ গ্ৰাম সোণ উদ্ধাৰ।
হাইলাকান্দিৰ চুৰিকাণ্ডত পাঁচজন গ্ৰেপ্তাৰ, ২১ গ্ৰাম সোণ উদ্ধাৰ


হাইলাকান্দি, ২০ জুলাই (হি.স.): হাইলাকান্দি চহৰৰ নতুনপাৰা অঞ্চলত বাউৰঘাট পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰী স্বপন দাসৰ বাসগৃহত সংঘটিত চুৰিকাণ্ডৰ তদন্তত উল্লেখযোগ্য সফলতা লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ঘটনাটোক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে যোৱা কালি দেওবাৰে বিয়লি চলোৱা অভিযানত এতিয়ালৈকে পাঁচজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ২১ গ্ৰাম সোণ আৰু বৃহৎ পৰিমাণৰ ৰূপৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যদিও নগদ ধন আৰু কিছু মূল্যৱান সোণৰ অলংকাৰ এতিয়াও উদ্ধাৰ হোৱা নাই।

গ্ৰেপ্তাৰ হোৱা পাঁচজনৰ ভিতৰত আছে ৰাংগাউটি গাঁৱৰ ৰিজু আহমেদ মজুমদাৰ, বাহাদুৰপুৰৰ আকবৰ হুছেইন লস্কৰ, গাংপাৰ ধুমকৰৰ ই-ৰিক্সা চালক জাবেদুল হক, একে গাঁৱৰ প্ৰসেনজিৎ ৰায় আৰু চহৰৰ চিৰাজপট্টি স্থিত তাজ মহল জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী নাহাৰুল ইছলাম বড়ভূঞা। আৰক্ষীৰ তদন্তত চুৰি সংঘটিত কৰা, পলায়নত সহায় কৰা, চোৰাং সামগ্ৰী বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। চুৰি হোৱা বাকী সামগ্ৰী উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande