
কামৰূপ ,২০ জুলাই (হি.স.)। নিশা ৰঙিয়া বালা গাওঁ কৰৰা গড়ভিতৰ জামে মছজিদত চুৰি কাণ্ড। মছজিদৰ দান পাত্ৰৰ তলা ভাঙি চোৰে লুটি লৈ গ'ল ২৫ হাজাৰকৈ নগদ টকা। উল্লেখযোগ্য যে ৰঙিয়া বালা গাওঁ কৰৰা গড়ভিতৰ অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনা যাক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে এই অঞ্চলৰ ৰাইজ।
বৰ্তমান আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা