সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থনৰে তেজপুৰত একাধিক স্থানত উত্তাল প্ৰতিবাদ
শোণিতপুৰ, ২০ জুলাই (হি.স.)। অন্যায় দেখিও তোমাৰ মনত যদি খং উঠা নাই, তেন্তে বুজিবা তুমি গোলামীক স্বীকাৰ কৰি লৈছা ।'' অন্যায় মুক্ত ভাৰত, ভয়মুক্ত ভাৰত বিচাৰি দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে আজি তেজপুৰতো এক গণ অৱস্থান কাৰ্যসূচীত অনুৰণিত হ''ল এই ধ্বনি । উচ
সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থনৰে


সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থনৰে


শোণিতপুৰ, ২০ জুলাই (হি.স.)। অন্যায় দেখিও তোমাৰ মনত যদি খং উঠা নাই, তেন্তে বুজিবা তুমি গোলামীক স্বীকাৰ কৰি লৈছা ।' অন্যায় মুক্ত ভাৰত, ভয়মুক্ত ভাৰত বিচাৰি দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে আজি তেজপুৰতো এক গণ অৱস্থান কাৰ্যসূচীত অনুৰণিত হ'ল এই ধ্বনি । উচ্চাৰিত হ'ল সম্ৰাট অশোকৰ পৰা মহাত্মা গান্ধীলৈ সত্য আৰু অহিংস পন্থাৰ অপৰাজিত শক্তিৰ প্ৰাসংগিকতাৰ কথাও ।

দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ সুৰক্ষিত শৈক্ষিক ভবিষ্যতৰ বাবে ২৮ জুনৰ পৰা অনশনৰত দেশৰ বিশিষ্ট উদ্ভাৱক, পৰিবেশ বিজ্ঞানী সোনম ৱাংচুক আৰু হেজাৰ হেজাৰ শিক্ষাৰ্থীৰ অহিংস- গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা জনাই আজি দিনৰ ১১ বজাৰ পৰা তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিৰ সন্মুখত তেজপুৰৰ ভালে সংখ্যক বিশিষ্ট নাগৰিক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু শিক্ষা প্ৰতিষ্ঠানৰ ছাত্র ছাত্ৰীয়ে এক 'গণ অৱস্থান'ৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। শৈক্ষিক সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিলকে ধৰি শৈক্ষিক ক্ষেত্ৰত সংঘটিত হৈ অহা শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি খেলা কাণ্ডৰ বাবে চৰকাৰে নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ দাবীত আয়োজিত গণ অৱস্থানত সমবেত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই ৱাংচুকসহ আন্দোলনৰত শিক্ষাৰ্থীসকলৰ স’তে গণতান্ত্ৰিক আলোচনাৰ উদ্যোগ গ্ৰহণ কৰক, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, এনটিএ বাতিল কৰক ৰাজহুৱা শিক্ষা ৰক্ষা কৰক, দেশৰ শিক্ষা ব্যৱস্থা সুস্থ নিকা গণতান্ত্ৰিক কৰি তোলক, ছাত্র ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, গণতান্ত্ৰিক আন্দোলনত পুলিচৰ হস্তক্ষেপ বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে।

আজিৰ এই গণ অৱস্থান কাৰ্যসূচীত অংশ লৈ তেজপুৰ নাগৰিক সমাজৰ সভাপতি তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পূৰ্ণেশ্বৰ নাথে কয় যে আজি আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে একত্ৰিত হৈছো । দেশৰ পৰাধীনতাৰ সময়তো গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি শাসকগোষ্ঠীয়ে শ্ৰদ্ধা জনাইছিল । কিন্তু বৰ্তমানৰ শাসক শ্ৰেণীয়ে ছাত্ৰ ছাত্ৰীৰ নায্য দাবী শুনাতো দূৰৰ কথা, প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ বাবেহে উঠি পৰি লাগিব ধৰিছে।তিনিঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞা, নাট্যকাৰ ঐশ্বৰ্য কাকতি, তেজপুৰ নাগৰিক সমাজৰ উপ সভাপতি পুলীন ভট্টাচাৰ্য, সুলেখক শান্তনু বৰুৱা আৰু লক্ষী শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: ভূপেন শইকীয়া, চি পি আই এম এলৰ ৰুবুল শৰ্মা, জনসাংস্কৃতিক পৰিষদৰ ৰাজু বৰুৱা, তেজপুৰ নাগৰিক সমাজৰ সম্পাদক অঞ্জন গোস্বামী, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, এআই ডি এছ অ'ৰ ৰাজ্যিক উপসভাপতি পল্লব পেগু, জিলা সভাপতি নয়নমণি চৌধুৰী,উপ সভাপতি মাধূৰ্য গগৈ আৰু আদিত্য গগৈ, চি পি এমৰ জিলা সম্পাদক মনেশ্বৰ বড়ো সহ বহুকেইগৰাকী বিশিষ্ট নাগৰিকে তেওঁলোকৰ বক্তব্যত দেশৰ শিক্ষা ব্যৱস্থাক সুস্থ আৰু নিকা কৰাৰ উদ্দেশ্যে দেশৰ ছাত্ৰসমাজে তুলি ধৰা ন্যায্য দাবীসমূহ শীঘ্ৰে মানি লবলৈ চৰকাৰক দাবী জনায়।

প্ৰতিবাদকাৰীসকলে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক প্ৰখ্যাত গীত সমস্বৰে পৰিবেশন কৰি কাৰ্যসূচীৰ সমাপ্তি ঘটায়।আনহাতে,নতুন দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাৰ পৰাই ৱাংচুকে বাৰ্তাৰ জৰিয়তে আজিৰ দ্বিতীয় স্বাধীনতাৰূপী সংসদ যাত্ৰা সফল কৰাৰ বাবে আহ্বান জনোৱা দিনটোতে চিপিআই(এম)ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগতো আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ তেজপুৰ হেমবৰুৱা ভৱন চৌহদৰ সন্মুখত বামপন্থী দলটোৰ অসম ৰাজ্যিক কমিটিৰ সদস্য ৰবিন তামুলী, শোণিতপুৰ জিলা সম্পাদক মনেশ্বৰ বড়ো,জিলা সম্পাদক মণ্ডলীৰ সদস্য সুভ্ৰাংশু ৰঞ্জন দেব আৰু অমিতাভ চৌধুৰী,কৃষক নেতা লীলা ভূঞা আৰু জ্যোতি নাথ,জিলা কমিটিৰ জ্যেষ্ঠ সদস্য ভবানন্দ ৰায়ৰ লগতে জিলাখনৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ কৰ্মকৰ্তা আৰু সমৰ্থকসকল দিনৰ ১১ বজাত সমবেত হয় আৰু দেশজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে ‘সোনম ৱাংচুক আৰু আন্দোলনকাৰীসকলৰ ওপৰত চলোৱা সকলো দমনমূলক ব্যৱস্থা অবিলম্বে বন্ধ কৰক’, ’আন্দোলনকাৰীসকলৰ সংবিধানসন্মত গণতান্ত্ৰিক অধিকাৰ আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ নিশ্চিত কৰক’, ’শিক্ষা ব্যৱস্থা সংক্ৰান্ত দাবীসমূহৰ ওপৰত আন্দোলনকাৰীসকলৰ সৈতে তৎক্ষণাত আলোচনা আৰম্ভ কৰক’ ’কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক,’ ‘ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা বাতিল আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰত্যাহাৰৰ দাবীসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক’, ‘গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষা নিশ্চিত কৰক’ আদি শ্ল’গান আৰু দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰী নেতাসকলে প্ৰতিবাদস্থলীত প্ৰদান কৰা বক্তব্যত ৱাংচুক আৰু তেওঁৰ স’তে আন্দোলনত জড়িত হোৱা সকলোৰে ওপৰত চলোৱা বলপূৰ্বক দমনমূলক ব্যৱস্থাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে,দেশৰ শিক্ষা ব্যৱস্থাত বিৰাজ কৰা অনিয়ম, প্ৰশ্নকাকত ফাদিল, শিক্ষাৰ বাণিজ্যিকীকৰণ, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা ৰ ভূমিকা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে দাবী উত্থাপন কৰি থকা অৱস্থাত আন্দোলনকাৰীসকলৰ ওপৰত বলপ্ৰয়োগ, বাধা-নিষেধ আৰু দমনমূলক ব্যৱস্থা গ্ৰহণ কৰাটো ভাৰতৰ সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ পৰিপন্থী ৷ গণতন্ত্ৰত জনতাৰ দাবীৰ উত্তৰ বলপ্ৰয়োগেৰে নহয়, আলোচনাৰ জৰিয়তেহে দিব লাগে। সেয়েহে চৰকাৰক তৎক্ষণাত হস্তক্ষেপ কৰি গণতান্ত্ৰিক পৰিৱেশ পুনঃস্থাপন কৰাৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে প্ৰসংগক্ৰমে সকলো সচেতন নাগৰিকক এই গণতান্ত্ৰিক আন্দোলনত ওলাই আহিবলৈকো আহ্বান জনায় ৷ ইয়াৰ পিচত বামপন্থীদলটোৰ কৰ্মকৰ্তা- আৰু সমৰ্থকসকলে উপৰোক্ত দাবী সম্বলিত শ্ল’গান দি চহৰখনৰ মূলপথৰে এক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande