সোনম ৱাংচুকৰ আন্দোলনৰ সমৰ্থনত তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ বিক্ষোভ
শোণিতপুৰ, ২০ জুলাই (হি.স.)। সমাজকৰ্মী তথা পৰিৱেশবিদ সোনম ৱাংচুকৰ আন্দোলনৰ সমৰ্থনত তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন কৰে। আজি সোমবাৰে চিপিআই(এম) শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ হেমবৰুৱা ভৱনৰ সন্মুখত দলৰ সভ্য-সমৰ্থকসকল সমবেত হৈ দেশজ
তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ বিক্ষোভ


শোণিতপুৰ, ২০ জুলাই (হি.স.)। সমাজকৰ্মী তথা পৰিৱেশবিদ সোনম ৱাংচুকৰ আন্দোলনৰ সমৰ্থনত তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন কৰে। আজি সোমবাৰে চিপিআই(এম) শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ হেমবৰুৱা ভৱনৰ সন্মুখত দলৰ সভ্য-সমৰ্থকসকল সমবেত হৈ দেশজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে এখনি প্ৰতিবাদ বিক্ষোভ কাৰ্যসূচী পালন কৰে।

সমাজকৰ্মী সোনম ৱাংচুকৰ আৰু তেওঁৰ সৈতে আন্দোলনত জড়িত হোৱা সকলোৰে ওপৰত চলোৱা বলপূৰ্বক দমনমূলক ব্যৱস্থাৰ প্ৰতি জিলা কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। দেশৰ শিক্ষা ব্যৱস্থাত বিৰাজ কৰা অনিয়ম, প্ৰশ্নকাকত ফাদিল, শিক্ষাৰ বাণিজ্যিকীকৰণ, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ৰ ভূমিকা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP-2020)-ৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে দাবী উত্থাপন কৰি থকা অৱস্থাত আন্দোলনকাৰীসকলৰ ওপৰত বলপ্ৰয়োগ, বাধা-নিষেধ আৰু দমনমূলক ব্যৱস্থা গ্ৰহণ কৰাটো ভাৰতৰ সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ পৰিপন্থী। গণতন্ত্ৰত জনতাৰ দাবীৰ উত্তৰ বলপ্ৰয়োগেৰে নহয়, আলোচনাৰ জৰিয়তেহে দিব লাগে। সেয়েহে চৰকাৰক তৎক্ষণাত হস্তক্ষেপ কৰি গণতান্ত্ৰিক পৰিৱেশ পুনঃস্থাপন কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে সকলো সচেতন নাগৰিকক এই গণতান্ত্ৰিক আন্দোলনত ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে।

চিপিআই(এম)ৰ দাবীসমূহ:

1. সোনম ৱাংচুক আৰু আন্দোলনকাৰীসকলৰ ওপৰত চলোৱা সকলো দমনমূলক ব্যৱস্থা অবিলম্বে বন্ধ কৰক।

2. আন্দোলনকাৰীসকলৰ সংবিধানসন্মত গণতান্ত্ৰিক অধিকাৰ আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ নিশ্চিত কৰক।

3. শিক্ষা ব্যৱস্থা সংক্ৰান্ত দাবীসমূহৰ ওপৰত আন্দোলনকাৰীসকলৰ সৈতে তৎক্ষণাত আলোচনা আৰম্ভ কৰক।

4. কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ) বাতিল আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি–২০২০) প্ৰত্যাহাৰৰ দাবীসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক।

5. গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষা নিশ্চিত কৰক।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande