
শোণিতপুৰ, ২০ জুলাই (হি.স.)।
সদৌ অসম মইনা পাৰিজাতৰ অন্যতম সক্ৰিয় শাখা তেজপুৰৰ বাৰহলীয়া শাখা মইনা পাৰিজাতৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৪১ সংখ্যক বাৰ্ষিক অধিৱেশন মূল সভাৰে সামৰণি পৰে । উল্লেখ্য যে অলপতে অকালতে কায়িকভাৱে আঁতৰি যোৱা বাৰহলীয়া মইনা পাৰিজাতৰ সাংস্কৃতিক সম্পাদিকা ৰীণা শৰ্মা বৰঠাকুৰৰ সোঁৱৰণত উৎসৰ্গিত এইবাৰ কাৰ্যসূচী প্ৰাক্তন মইনা নৱদ্বীপ ভূঞাৰ আকস্মিক মৃত্যুত পূৰ্বতকৈ সীমিতভাৱে বিশেষ শ্ৰদ্ধাঞ্জলি আৰু কৰি অনুষ্ঠিত কৰা হয় ।
ইফালে ১৯ জুলাইত মইনা সকলৰ মাজত পূৰ্বতকৈ সীমিতভাৱে মাত্ৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ পিছত ২০ জুলাইৰ দিনটোত পুৱা প্ৰাক্তন মইনা আৰোহী বৰুৱাৰ দ্বাৰা পতাকা উত্তোলন আৰু কাৰ্যনিৰ্বাহক সভাৰ লগতে বছেৰেকীয়া প্ৰতিবেদন পাঠ আৰু হিচাপ দাখিলৰ পিছত দুপৰীয়া ৰীণা শৰ্মা বৰঠাকুৰ আৰু প্ৰাক্তন মইনা নৱদ্বীপ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় । ইয়াৰ পিছতেই বিয়লি লুইতপাৰ মইনা পাৰিজাতৰ মইনা পৰিস্মিতা মজুমদাৰৰ পৌৰোহিত্যত মূল সভাত সভাপতি মধুচন্দা পদ্মপতি, উপসভাপতি অমৰেন্দ্ৰ শৰ্মা ,কাৰ্যকৰী সভাপতি সোণালী ভাগৱতী, সম্পাদক অৰুণিমা শৰ্মা, সহ সম্পাদক ৰূপজ্যোতি শৰ্মা আৰু অনিমা বৰাৰ উপস্থিতিত কেবাগৰাকীও বিশিষ্ট অতিথিয়ে ভাষণ আগবঢ়ায় ।
ইয়াৰ পিছতেই বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানত বহুকেইগৰাকী মইনাৰ গীত -মাত অৰ্থাৎ মইনাৰ মৌমাতেৰে জীপাল হৈ পৰে । মইনা ধীয়ন কলিতা, ধ্যানৰাজ কাশ্যপ, মৌচুমী বৰা, দেৱাক্ষী দেৱী, আৰুচি ভট্টাচাৰ্য্য, দিক্ষিতা শিৱম, ইভাক্ষী কাশ্যপ, আৰোহী বৰুৱা, আদৃকা ভট্টাচাৰ্য্য, অদিতী বৰা, দিব্যাংশু কাশ্যপ, ধৃতিক প্ৰসাদৰ গীত -নৃত্যৰ লগতে মইনাৰ মৌমাতত অংশ গ্ৰহণ কৰে ক্ৰমে -ওমকিশ শইকীয়া, জাহ্নৱী বৰা, প্ৰাচী কলিতা, আদিত্য বৰা আৰু হংচিকা কলিতাই ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ