সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই তেজপুৰত প্ৰতিবাদঃ তেজপুৰ বিশ্ববিদ্যালয়ত অৱস্থান ধৰ্মঘট
শোণিতপুৰ, ২০ জুলাই (হি.স.)। শিক্ষাবিদ সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীসকলেও আজি বিশ্ববিদ্যালয়ৰ চৌহদত দিনযোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ
Tezpur University protests in support of Sonam Wangchuk's movement


Tezpur University protests in support of Sonam Wangchuk's movement


শোণিতপুৰ, ২০ জুলাই (হি.স.)। শিক্ষাবিদ সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীসকলেও আজি বিশ্ববিদ্যালয়ৰ চৌহদত দিনযোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত তেজপুৰৰ আন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰছাত্ৰীয়েও অংশ লয় ৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে কয় যে ৱাংচুকে শৈক্ষিক ব্যৱস্থা নিকা হোৱাৰ স্বাৰ্থত কৰা অনশনৰ দৰেই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা ছেপ্টেম্বৰত আন্দোলন কৰিছিল ৷ এই আন্দোলনৰ সাদৃশ্য ৱাংচুকৰ দাবীৰে থকা বুলিও উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলৰ গণতান্ত্ৰিক অধিকাৰ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সমস্যা সমূহ সমাধানৰো দাবী জনাই বিশ্ববিদ্যালয় খনৰ ছাত্ৰ সমাজে ৷ চৰকাৰক ৱাংচুকৰ স’তে আলোচনাত বহিবলৈ আহ্বান জনাই লগতে কয় যে তেজপুৰ বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ তদন্তৰ প্ৰতিবেদন যোৱা মাৰ্চতে দাখিল কৰাৰ কথা আছিল য’দিও বৰ্তমান জুলাইৰ শেষলৈকে এই প্ৰতিবেদন দাখিল হোৱা নাই ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande