
গোলাঘাট, ২০ জুলাই (হি.স.)। সাতদিন আৰক্ষীৰ জিম্মাৎ ৰখাৰ অন্তত সোমবাৰে বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি পিছত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ইংলে পথাৰ বিতৰ্কৰ সৈতে জড়িত কাজিৰঙা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ নেতা প্ৰনৱ দলেৰ লগতে বিজিত কুটুম আৰু অমৃত নাগক ৷
১৩ জুলাইত বোকাখাত আদালতত হাজিৰ কৰি বোকাখাত আৰক্ষী থানাৰ গোচৰ নম্বৰ ১০৮/২০২৬/ আধিনত ১৪ টা কৈ ধাৰা আৰোপ কৰি তদন্ত অব্যাহত ৰাখিছিল । ভাৰতীয় ন্যায় সংহিতা ধাৰাত প্ৰনৱ দলে সহ অমৃত নাগ আৰু বিজিত কুটুমৰ বিৰুদ্ধে ১০৮/ ২০২৬ নম্বৰত ৰজু হোৱা গোচৰত ভাৰতীয় ন্য়ায় সংহিতাৰ ধাৰা ৬১(২)/ ১৯১(২)/১৯১(৩)/ ১৯০/৩২৯(৩)/৩২৪(২)/৩২৪(৩)/ ২২১/১৩২/ ১২১(২)/ ৩৫১(৩)/ ৭৪/ ৩২৬(জি)/ ৬২ অধিনত দোষী সাব্যস্ত কৰি ৭ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।
ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অপৰাধত সোমবাৰে তেওঁলোকৰ বিৰুদ্ধে নতুনকৈ পিডিপিপি ধাৰা ৩ (১) আৰু এটা ধাৰা লগায় ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে সোমবাৰে তিনিওকে আদালতত হাজিৰ কৰায় ৷ আদালতত আৰক্ষীয়ে যুক্তি দৰ্শাই আৰু ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাৎ বিচাৰি আবেদন জনাইছিল যদিও আদালতে আৰক্ষীৰ আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে ৷
আচামী পক্ষৰ হৈ অধিবক্তা মৃত্যুঞ্জয় পেগুৱে যুক্তি প্ৰদৰ্শন কৰে ৷ আনহাতে যোৱা ১৪ জুলাইৰ পৰা প্ৰণৱ দলেৰ লগতে বাকী কেইজনক মুক্তিৰ দাবীত কাজিৰঙা ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে অনিদিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা