
নতুন দিল্লী, ২২ মে’ (হি.স.)। ভাৰতৰ প্ৰথম মহিলা নেতৃত্বাধীন পেছাদাৰী ভলীবল লীগ দিল্লী প্ৰ’ ভলীবল লীগে শুকুৰবাৰে উদ্বোধনী ছিজনৰ বাবে খেলুৱৈ বাছনিৰ কথা ঘোষণা কৰে। ২৪ মে’ত পুৱা ৮ বজাৰ পৰা কাৰ্কাৰডুমাৰ লক্ষ্মী পাব্লিক স্কুলত প্ৰথম ৰাউণ্ডৰ ট্ৰায়েল অনুষ্ঠিত হ’ব।
লীগ পৰিচালনাৰ মতে, সমগ্ৰ দেশৰ খেলুৱৈসকলক সুযোগ প্ৰদান কৰাৰ লগতে প্ৰতিভাক ভালদৰে চিনাক্ত কৰাৰ বাবে একাধিক পৰ্যায়ত ট্ৰায়েল অনুষ্ঠিত কৰা হ’ব। ট্ৰাইলৰ সকলো পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচিত খেলুৱৈসকলক অফিচিয়েল নিলাম পুলত অন্তৰ্ভুক্ত কৰা হ’ব, য’ত ডিপিভিএলৰ ছটা ফ্ৰেঞ্চাইজি দলে নিজ নিজ দলৰ বাবে খেলুৱৈ নিৰ্বাচন কৰিব।
ডিপিভিএলৰ প্ৰতিষ্ঠাপক নীতি ৰাৱাটে কয় যে ট্ৰাইল সন্দৰ্ভত খেলুৱৈসকলৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গৈছে। তেওঁ লগতে কয় যে পৰীক্ষাসমূহ পৰ্যায়ক্ৰমে চলি আছে আৰু পঞ্জীয়ন প্ৰক্ৰিয়াই অতিশয় সঁহাৰি লাভ কৰিছে। দেশৰ ২০খনতকৈও অধিক ৰাজ্যৰ খেলুৱৈয়ে পঞ্জীয়ন কৰাত আমি আনন্দিত হৈছো বুলিও কয় ছানীয়ে। ইয়াৰ পৰা দেখা যায় যে ভাৰতীয় ভলীবলত ডিপিভিএলে দ্ৰুতগতিত নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিছে।
তেওঁ লগতে কয়, লীগখন আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে ডিপিভিএলৰ ৰূপ লোৱাটো অনুপ্ৰেৰণাদায়ক। ফেজ ১ ট্ৰায়েলসমূহ অতি ৰোমাঞ্চকৰ হ'ব, আৰু আমি ইয়াৰ পৰা নতুন প্ৰতিভাৰ উত্থান হোৱা দেখিবলৈ আশা কৰিছো, যিসকল ভৱিষ্যতে ভলীবলৰ ডাঙৰ নাম হ'ব পাৰে।
এই ট্ৰায়েল সমূহৰ লক্ষ্য হৈছে প্ৰতিভাৱান ভলীবল খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক পেছাদাৰী মঞ্চ প্ৰদান কৰা। চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা এই ডিপিভিএলৰ সহযোগত দিল্লী ভলীবল এছ’চিয়েশ্যন আৰু দিল্লী অলিম্পিক এছ’চিয়েশ্যনে।
লীগৰ লক্ষ্য হৈছে ভাৰতত ভলীবলৰ বাবে এক শক্তিশালী আৰু বহনক্ষম কাঠামো গঢ়ি তোলা, য’ত খেলুৱৈৰ বিকাশ, প্ৰতিযোগিতামূলক পৰিৱেশ, আৰু উন্নত সংবাদ মাধ্যমৰ কভাৰেজৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
দিল্লী প্ৰ’ ভলীবল লীগৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিব ছটা ফ্ৰেঞ্চাইজি দলে। এইবাৰ অনুষ্ঠিত হ’ব লীগৰ উদ্বোধনী ছিজন। ভাৰতীয় ভলীবলৰ পুনৰ আৱিষ্কাৰত এই লীগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আয়োজকসকলে বিশ্বাস কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া