
ভূপাল, ২২ মে’ (হি.স.)। হকী ইণ্ডিয়াই শুকুৰবাৰে জাপানত অনুষ্ঠিত হ’বলগীয়া মহিলা ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ কাকামিগাহাৰা ২০২৬ৰ বাবে ১৮ জনীয়া ভাৰতীয় মহিলা দলৰ ঘোষণা কৰে। এই সন্মানীয় প্ৰতিযোগিতাখন ২০২৬ চনৰ ২৯ মে’ৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হ’ব।
প্ৰশিক্ষক ৰাণীৰ নিৰ্দেশনাত ভাৰতীয় দলটোৱে ভূপালৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত এমাহৰ বাবে প্ৰস্তুতি চলায়। এই সময়ছোৱাত খেলুৱৈসকলৰ ফিটনেছ, দলীয় গঠন, কৌশলগত খেলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল। ছুইটি কুজুৰে দলৰ অধিনায়ক হিচাপে থাকিব।
প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ অংশ হিচাপে ভাৰতীয় দলটোৱে ভূপালত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন মেচৰ শৃংখলা খেলিছিল, য’ত চূড়ান্ত মেচত জয়লাভ কৰি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল।
দক্ষিণ কোৰিয়া, মালয়েছিয়া, ছিংগাপুৰৰ লগতে ভাৰতক পুল এত স্থান দিয়া হৈছে। ভাৰতীয় দলটোৱে ৩০ মে’ত মালয়েছিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।তাৰ পিছত ৩১ মে’ত দক্ষিণ কোৰিয়া আৰু ২ জুনত ছিংগাপুৰৰ বিৰুদ্ধে খেলিব। দুয়োটা পুলৰ শীৰ্ষ দুটা দলে ৫ জুনত ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু ফাইনেলখন ৬ জুনত অনুষ্ঠিত হ’ব।
দলটো ঘোষণা কৰাৰ পিছত প্ৰশিক্ষক ৰাণীয়ে কয় যে, এই প্ৰতিযোগিতাখন যুৱ খেলুৱৈসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা আহৰণ আৰু মেচৰ চাপ বুজি পোৱাৰ এক সুন্দৰ সুযোগ। যোৱা কেইসপ্তাহমানৰ পৰা আমি ফিটনেছ, কৌশল, আৰু দলৰ সমন্বয়ৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰিছো। দলটোৱে দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ উৎসাহিত আৰু আমাৰ লক্ষ্য হ'ব নিৰ্ভীক হকী খেলা আৰু খিতাপৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান দাখিল কৰা।
ভাৰতীয় মহিলা ১৮ বছৰ অনুৰ্ধ দল
গ’লৰক্ষকঃ মহাক পৰিহাৰ, খিলি কুমাৰী
ডিফেণ্ডাৰ : সুগন সাংগা, নীলম টপনো, ৰুবিনা বাকছলা, কিৰণ এক্কা, সুলোচানি
মিডফিল্ডাৰ : শ্ৰুতি কুমাৰী, দিয়া, স্নেহা দৱদে, ৰশ্মিন কৌৰ, নম্মি গীতাশ্ৰী, পুষ্পা মাঞ্জি
ফৰৱাৰ্ড : নৌছিন নাজ, চুইটি কুজুৰ (অধিনায়ক), প্ৰিয়ংকা মিঞ্জ, সন্দীপা কুমাৰী, নেন্সি সৰু
ভাৰতৰ মেচ সূচী (ভাৰতীয় মানক সময়)
৩০ মে’, ২০২৬: ভাৰত বনাম মালয়েছিয়া – পুৱা ৫:৩০ বজাত
৩১ মে’, ২০২৬: ভাৰত বনাম দক্ষিণ কোৰিয়া – পুৱা ৫:৩০ বজাত
২ জুন, ২০২৬: ভাৰত বনাম ছিংগাপুৰ – পুৱা ৯:৩০ বজাত
পুল ষ্টেণ্ডিংছ
পুল এ: ভাৰত, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ছিংগাপুৰ।
পুল বি: চীন, জাপান, চীনা টাইপেই, বাংলাদেশ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া