ইংলেণ্ডৰ ফিফা বিশ্বকাপৰ দল ঘোষণা, হেৰী কেনক অধিনায়কত্ব
- কোল পামৰ আৰু হেৰী মেগুৱেৰ বাহিৰ লণ্ডন, ২২ মে’ (হি.স.)। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰ থমাছ টুচেলে শুকুৰবাৰে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ চূড়ান্ত দল ঘোষণা কৰে। তাৰকা ষ্ট্ৰাইকাৰ হেৰী কেনে এইবাৰ দলৰ অধিনায়কত্ব কৰিব। দল নিৰ্বাচনত কিছুমান ডাঙৰ না
इंग्लैंड के मैनेजर थॉमस टुचेल ने विश्व कप के लिए अंतिम टीम की घोषणा की


- কোল পামৰ আৰু হেৰী মেগুৱেৰ বাহিৰ

লণ্ডন, ২২ মে’ (হি.স.)। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰ থমাছ টুচেলে শুকুৰবাৰে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ চূড়ান্ত দল ঘোষণা কৰে। তাৰকা ষ্ট্ৰাইকাৰ হেৰী কেনে এইবাৰ দলৰ অধিনায়কত্ব কৰিব। দল নিৰ্বাচনত কিছুমান ডাঙৰ নামৰ অনুপস্থিতিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। যুৱ তাৰকা ক’ল পামৰ আৰু অভিজ্ঞ ডিফেণ্ডাৰ হেৰী মেগুৱেৰক বাদ দিয়া হৈছিল।

১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ’ব ২০২৬ চনৰ ফিফা বিশ্বকাপত ইংলেণ্ডে ক্ৰ’ৱেচিয়া, ঘানা, পানামাৰ সৈতে গ্ৰুপ এলত স্থান লাভ কৰিছে। ১৭ জুনত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব।

ইংলেণ্ডৰ বিশ্বকাপ ২০২৬ৰ দল

গ'লৰক্ষক:

জৰ্ডান পিকফৰ্ড, ডিন হেণ্ডাৰছন, জেমছ ট্ৰেফৰ্ড

ডিফেণ্ডাৰ:

জেড স্পেন্স, মাৰ্ক গুয়েহি, এজৰি কনছা, ৰিচ জেমছ, নিকো অ’ৰেলি, টিনো লিভ্ৰামেণ্টো, জেৰেল কোৱানছা, জন ষ্ট’নছ, ডেন বাৰ্ন

মিডফিল্ডাৰ:

এবেৰেচি ইজে, ডেক্লান ৰাইচ, ইলিয়ট এণ্ডাৰছন, জুড বেলিংহাম, মৰ্গান ৰজাৰ্ছ, কবি মানু, জৰ্ডান হেণ্ডাৰছন

ফৰৱাৰ্ড:

হেৰী কেন (অধিনায়ক), বুকেও ছাকা, নোনি মাডুকে, এন্থনী গৰ্ডন, অলি ৱাটকিন্স, ইভান টনি, মাৰ্কাছ ৰেছফৰ্ড।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande