
কুৱালালামপুৰ, ২২ মে’ (হি.স.) : মালয়েছিয়া মাষ্টাৰছ ছুপাৰ ৫০০ প্ৰতিযোগিতাত ভাৰতীয় যুৱ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাৰ আকৰ্ষণীয় দৌৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সৈতে সমাপ্ত হয়।
শুকুৰবাৰে মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ বিশ্বৰ ২৩ নং আৰু অষ্টম ছিড লাইন হ’জমাৰ্ক কেৰছফেল্ডৰ বিৰুদ্ধে ২৩-২১, ১৮-২১, ১১-২১ ব্যৱধানত কঠিন পৰাজয়ৰ সন্মুখীন হয় অস্মিতাই। কুৱালালামপুৰৰ আক্সিয়াটা এৰিনাত এঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই খেলখন।
প্ৰায় আঠ মাহৰ অন্তত আঘাতৰ পৰা উভতি অহা অস্মিতাই খেলখনক শক্তিশালী আৰম্ভণি কৰে। সোঁ আঁঠুৰ গুৰুতৰ আঘাত আৰু অস্ত্ৰোপচাৰৰ পিছত এইখন আছিল তেওঁৰ প্ৰথমখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। প্ৰথমখন খেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে বিৰতিৰ সময়ত ১১-৬ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
অৱশ্যে ডেনিছ খেলুৱৈগৰাকীয়ে পুনৰ ১৩-১২ ব্যৱধানত স্ক’ৰ কৰিছিল আৰু পিছত ১৯-১৮ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও অস্মিতাই হেঁচাত উজ্জ্বল খেল খেলি প্ৰথমখন খেলত ২৩-২১ ব্যৱধানত জয়লাভ কৰে।
দ্বিতীয়খন খেলত অস্মিতাই ১০-৫ ব্যৱধানত অগ্ৰগতি লাভ কৰে যদিও লাইনে কামবেক কৰি ১৩-১৩ ব্যৱধানত সমতা স্থাপন কৰে। ইয়াৰ পিছত ডেনিছ খেলুৱৈগৰাকীয়ে একেৰাহে পইণ্ট লাভ কৰি ২১-১৮ ব্যৱধানত খেলখন জয় কৰি মেচখন চূড়ান্ত খেললৈ লৈ যায়।
তৃতীয় আৰু অন্তিমখন খেলত লাইন হজমাৰ্ক কেৰছফেল্ডে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে। আগতীয়াকৈ ৮-৪ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ পিছত অস্মিতাক প্ৰত্যাৱৰ্তন কৰাৰ কোনো সুযোগ নিদিলে। ডেনিছ খেলুৱৈগৰাকীয়ে ২১-১১ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত স্থান দখল কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া