
আহমেদাবাদ, ২২ মে’ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত চেন্নাই ছুপাৰ কিংছৰ (চি এছ কে) অভিযানৰ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৮৯ ৰানৰ পৰাজয়ৰ পিছত অন্ত পৰিল । যদিও দলটোৱে প্লে অফৰ স্থান হেৰুৱাইছিল, তথাপিও অধিনায়ক ঋতুৰাজ গাইকোৱাদে দলটোৰ যুঁজখন আৰু গোটেই ছিজনটোত যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ গৌৰৱ প্ৰকাশ কৰে।
চি এছ কেয়ে একেৰাহে তিনিটা পৰাজয়ৰ সৈতে ছিজনটো আৰম্ভ কৰিছিল যদিও পিছলৈ এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটাই লীগৰ অন্তিমখন মেচলৈকে প্লে অফৰ আশা জীয়াই ৰাখিছিল। দলটোৱে ১৪খন খেলৰ পৰা ৬খন জয় আৰু ৮খন পৰাজয়ৰ সৈতে অভিযান সমাপ্ত কৰে।
খেলৰ অন্তত গাইকোৱাদে কয়, বিশেষকৈ একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ পিছত ছিজনৰ আৰম্ভণি আমাৰ বাবে অতি কঠিন আছিল। কিন্তু তাৰ পিছত আমি এবাৰ সঠিক কম্বিনেচন বিচাৰি পালে দলটোৱে ভাল ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। দুৰ্ভাগ্যজনকভাৱে পুনৰ আঘাতে আমাক জুৰুলা কৰিলে। জেমী অভাৰটন আৰু ৰামকৃষ্ণ ঘোষৰ দৰে অল ৰাউণ্ডাৰৰ অনুপস্থিতিয়ে দলৰ ভাৰসাম্য বিঘ্নিত কৰিলে। যোৱা তিনিখন মেচত আমি ফিল্ডিং কৰিব লগা হ'ল। কেতিয়াবা কম বেটছমেন আৰু কেতিয়াবা কম বলাৰৰ সৈতে।
তেওঁ কয় যে দলটোৱে বৰ্তমান এটা পৰিৱৰ্তনকালৰ মাজেৰে পাৰ হৈ আছে আৰু এই ছিজনত যুৱ খেলুৱৈসকলক অভিজ্ঞতা প্ৰদানৰ প্ৰক্ৰিয়াটো সফল হৈছে। বহুতে বিশ্বাস নকৰে যে আমি এটা যুৱ দল আৰু ট্ৰেঞ্জিচন পৰ্যায়ত আছো। আমাৰ ৮-১০ জন খেলুৱৈ আছিল যিয়ে আই পি এলৰ ২০খনতকৈও কম মেচ খেলিছিল। গতিকে, ছটা জয় আৰু কিছুমান ডাঙৰ মেচত জয়ী হোৱাটো গৌৰৱৰ বিষয়।
গাইকোৱাদে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে দুখন মেচক টাৰ্নিং পইণ্ট হিচাপে উল্লেখ কৰে। হায়দৰাবাদত হাতত ৭টা উইকেট থকাৰ পিছতো আমি ১০ অভাৰত ৮৪ ৰান কৰিব পৰা নাছিলো।চেন্নাইত আমি ১৮০টা উইকেটত সীমাবদ্ধ কৰি ৰাখিব পাৰিলোহেঁতেন।কিছুমান মেচত আমি জয়ৰ বহু ওচৰ চাপি আহিছিলো যদিও বিফল হৈছিলো।’
যুৱ খেলুৱৈসকলকো প্ৰশংসা কৰে চি এছ কেৰ অধিনায়কগৰাকীয়ে। কাৰ্তিক শৰ্মা, উৰভিল পেটেল, দেৱাল্ড ব্ৰেভিছৰ দৰে খেলুৱৈয়ে এই ছিজনত নিজকে প্ৰমাণ কৰিলে বুলিও তেওঁ কয়। কাৰ্থিকে বহুত আপ্লুত কৰিছিল। তেওঁৰ বৃদ্ধিৰ সম্ভাৱনা আছে। উৰভিলে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ছিজন খেলিছিল, আৰু হেঁচা অনুভৱ কৰাটো স্বাভাৱিক। কিন্তু এই অভিজ্ঞতা ভৱিষ্যতে তেওঁৰ বাবে অতি উপযোগী হ'ব।
প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ ভৱিষ্যতৰ সন্দৰ্ভত গাইকৱাদে কয়, আমি অহা বছৰহে গম পাম। আপুনি আৰু মই দুয়োজনেহে গম পাম পৰৱৰ্তী ছিজনত। তেওঁৰ অনুপস্থিতি এই ছিজনত নিশ্চিতভাৱে অনুভৱ কৰা হৈছিল। তেওঁ এনে এজন খেলুৱৈ যিয়ে কেৱল ক্ৰীজত থাকিয়েই বিপক্ষৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে আৰু মেচৰ গতিপথ সলনি কৰিব পাৰে।
এই ছিজনটো চি এছ কেৰ বাবে উত্থান-পতনেৰে ভৰি পৰিছে যদিও দল পৰিচালনা সমিতিয়ে আশা কৰিছে যে যুৱ খেলুৱৈসকলৰ অভিজ্ঞতাই ভৱিষ্যতে ফ্ৰেঞ্চাইজিক শক্তিশালী কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ