
কাৰ্বি আংলং, ০৯ মাৰ্চ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানত যোৱা কালি দেওবাৰে আবেলি জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। মণিপুৰৰ পৰা পশ্চিমবংগ অভিমুখি ডব্লিউ বি ৫৩ জি ০৮৫৮ নম্বৰৰ বাহন (Tata Intra pickup) গাড়ীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা। গাড়ীখনৰ পিছফালৰ কেবিনত গোপন কক্ষ সাজি কৌশলেৰে গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। ৫০ টা প্লাষ্টিকৰ পেকেটত জব্দ ৫২৪ কেজি গাঞ্জা জব্দ কৰা হৈছে। নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ এটা বিশেষ দলৰ নেতৃত্বত চলে এই অভিযান ।নাগালেণ্ডৰ লিচু গেটত গাঞ্জা সহ সৰবৰাহকাৰীক আটক কৰি বোকাজানৰ তলবালিজানলৈ আনি জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। ঘটনা সংক্ৰান্তত আটক গাডীখনৰ চালক পশ্চিমবংগৰ শম্ভু নাথ দাস আৰু প্ৰদীপ গৌৰায় বুলি জনা গৈছে। জব্দকৃত গাঞ্জাখিনি পশ্চিমবংগলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ দলে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ