ধুবুৰীৰ মিতালী ক্লাৱত আৰক্ষীৰ অভিযানত ১৬ জনকৈ জুৱাৰীক আটক
ধুবুৰী, ০৯ মাৰ্চ (হি.স.)। ধুবুৰীৰ ২ নং ৱাৰ্ডৰ মিতালী ক্লাৱত ধুবুৰী আৰক্ষীৰ কালি নিশা ১.৩০ বজালৈ চলিল জুৱাৰ বিৰুদ্ধে অভিযান। আটক জেষ্ঠ নাগৰিক, বিদ্য়ালয়ৰ প্ৰধান শিক্ষক সহ ১৬ জনকৈ ব্যাক্তি। ধুবুৰীত টি-২০ বিশ্বকাপক কেন্দ্ৰ কৰি জুৱা চলাৰ সন্দেহত চলিল আৰ
ধুবুৰীৰ মিতালী ক্লাৱত আৰক্ষীৰ অভিযানত ১৬ জনকৈ জুৱাৰীক আটক


ধুবুৰী, ০৯ মাৰ্চ (হি.স.)। ধুবুৰীৰ ২ নং ৱাৰ্ডৰ মিতালী ক্লাৱত ধুবুৰী আৰক্ষীৰ কালি নিশা ১.৩০ বজালৈ চলিল জুৱাৰ বিৰুদ্ধে অভিযান। আটক জেষ্ঠ নাগৰিক, বিদ্য়ালয়ৰ প্ৰধান শিক্ষক সহ ১৬ জনকৈ ব্যাক্তি। ধুবুৰীত টি-২০ বিশ্বকাপক কেন্দ্ৰ কৰি জুৱা চলাৰ সন্দেহত চলিল আৰক্ষীৰ বৃহত অভিযান।অভিযানত মিতালী ক্লাৱৰ ভিতৰত আৰক্ষীয়ে জব্দ কৰে ২০ টাকৈ মোবাইল ফোন। মদৰ বটল আৰু তাচ পাত। ১৬ জনকৈ ব্যক্তিক আটক কৰি ৫ ঘণ্টা জেৰা চলাই ১১জনক মিতালী ক্লাবৰ পৰা মুকলি কৰি দিয়ে আৰক্ষী।

১৬ জনৰ ভিতৰত মদন সাহা(প্ৰতিষ্ঠিত ব্যৱসায়ী),ৰোহিত কালা,মধুসূদন ঘোষ(সূদৰ ব্যৱসায়ী),ৰাজেশ চৌধুৰী আৰু বিশ্বজিৎ বণিকক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানা লৈ লৈ যায়।আনহাতে মধুসূদন তালুকদাৰ(৬০ বছৰ),আমিৰ হুছেইন (৫৩) প্ৰধান শিক্ষক হাবিবুল আলম খান (৫৫),প্ৰদীপ ঘোষ — (৬৪),ময়নাল হক ( ৫৭),সুভাষ গুলগুলি (৫১) (প্ৰতিষ্ঠিত ব্যৱসায়ী),জাকিৰ হুছেইন (৬৩),কৃষ্ণ বৰ্মন ( ৬৪) আৰু বিধুভূষণ সাহা (৬১) পি আৰ বণ্ডত আৰক্ষীয়ে যাবলৈ দিয়ে।

আটক হোৱা ব্যক্তি কেইজনৰ ভিতৰত আছে কেইবাজনো প্ৰতিষ্ঠিত ব্যৱসায়ী, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধৰি প্ৰায় ৬ জনকৈ জেষ্ঠ নাগৰিক। দীৰ্ঘদিনৰ পৰা এই ক্লাৱ খনত চলি আহিছিল জুৱাৰ ৰমৰমীয়া খেল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande