
হোজাই, ০১ মে’ (হি.স.): হোজাই পাবিজুৰি পৰা এজন ঠগ-প্ৰৱঞ্চক আটক কৰা হৈছে। মৌৰাঝাৰ থানাৰ আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চকটোৰ নাম বদৰুল ইছলাম বুলি কোৱা হৈছে। ধৃত প্ৰৱঞ্চকটোৰ ঘৰ হোজাইৰ পাবিজুৰিত । ধৃত লোকজন ঠগ প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুন্ঠন কৰা প্ৰবঞ্চক দিলোৱাৰ হুছেইন ভাতৃ ।
উল্লেখ্য় যে কোটি কোটি টকাৰ হোজাই অঞ্চলত প্ৰবঞ্চনা কৰি প্ৰবঞ্চক দিলোৱাৰ হুছেইনে বসবাস কৰে চৌদি আৰৱত । শেহতীয়াকৈ প্ৰবঞ্চনা গোচৰত দিলোৱাৰ হুছেইনৰ ককায়েক বদৰুল ইছলামক বৃহস্পতিবাৰে নিশা মৌৰাঝাৰ আৰক্ষীয়ে আটক কৰে । গোচৰকাৰী নিজামউদ্দিনৰ গোচৰ ভিত্তিত আটক কৰে প্ৰৱঞ্চকটোক । ইয়াৰ পাছতেই প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে নিজ নিজ ধন বিচাৰি আহি ভিৰ কৰে থানা খনত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ