গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড
গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত হল লোমহৰ্ষক হত্যাকান্ড।
গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড


গোলাঘাট, ০৯ মাৰ্চ (হি.স.): গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত যোৱা কালি দেওবাৰে নিশা সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক। এই হত্যাকাণ্ডত সহযোগ কৰিলে পিতৃয়েও।

ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু ওৰাংক ঘৰৰ ভিতৰতলৈ চূচৰাই নি বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত। চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান। স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো । ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্হানীয় লোক তথা আৰক্ষীয়ে। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande