
কামৰূপ, ০৬ মাৰ্চ (হি.স.): সমাগত বিধানসভা নিৰ্বাচন । বিধান সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক - বিৰোধী । নিৰ্বাচনী ৰণ - কৌশল প্ৰস্তুতত কৰাত ব্যস্ত হৈ পৰিছে উভয় পক্ষ । ইতিমধ্যে কংগ্ৰেছ দলে প্ৰথম খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । হাজো - শুৱালকুছি সমষ্টিত বিৰোধী কংগ্ৰেছ দলে দুবাৰৰ বিধায়িকা নন্দিতা দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ৩০ নং হাজো - শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে দুবাৰৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাস।
হাজো - শুৱালকুছি সমষ্টিত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে । বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, আদিৰ বিৰুদ্ধে ৰাইজে এইবাৰ কংগ্ৰেছ দলক ভোট দিব বুলি মন্তব্য কৰে । আনকি হাজো - শুৱালকুছি সমষ্টিত বাট - পথৰ অৱস্থাও অতি শোচনীয় আৰু আজিও বাহৰ সাঁকোৰে কিছু কিছু অঞ্চলত ৰাইজে যাতায়াত কৰিব লগা হৈয়ে বুলি মন্তব্য কৰে । অস্বিত্বৰ সংকটত পৰা শুৱালকুছি বস্ত্ৰ শিল্প ৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব বুলি মন্তব্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে । বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি, টেক্স, স্মাৰ্ট মিটাৰ, খাজনাৰ মূল্য বৃদ্ধি, নিবনুৱাৰ সংস্থাপনত ব্যৰ্থতা এইবোৰ কাৰণতে ৰাইজ অসন্তুষ্টি হৈ পৰিছে, যাৰবাবে ৰাইজে এইবেলি কংগ্ৰেছৰ চৰকাৰ বিচাৰিছে বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ