
গোলাঘাট, ০৬ মাৰ্চ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে এখন কয়লা ভৰ্ত্তি ট্ৰাক । ৰঙামাটি টোল গেটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ।
ট্ৰাকখনত নিৰ্ধাৰিত ওজনতকৈ অধিক কয়লা অনাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা । ট্ৰাক খনৰ নম্বৰ এএছ ০১ জিচি ৩৮৬৩ বুলি জনা গৈছে। নাগালেণ্ড নাগিনীমৰাৰ পৰা তেজপুৰ অভিমুখী আছিল কয়লা ভৰ্ত্তি ট্ৰাকখন । এই ঘটনাৰ পিছতে বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ । ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ