
নগাঁও, ০৬ মাৰ্চ (হি.স.)। কচুৱাৰ মাখনগাঁৱত চাওঁতাল জনগোষ্ঠীৰ প্ৰাকৃতিক পূজা পালন l প্ৰতি বছৰৰ ফাগুন, চ'ত মাহত পালন কৰা এটা উৎসৱ হ'ল প্ৰাকৃতিক পূজা। চাওঁতাল জনগোষ্ঠীৰ লোকসকলে অৰণ্য, গছ-লতা , পাহাৰ আদিক দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰে। বিশ্ব শান্তিৰ বাবে আৰু গাঁৱৰ লোক সকলৰ মঙ্গলৰ বাবে পৰম্পৰা ৰক্ষা এই এই পূজা অৰ্চনাৰ কৰি অহা হৈছে বুলি জানিব দিয়ে।
চাওতাল জনগোষ্ঠীৰ মাখনগাওঁ মাজি মণ্ডলীৰ উদ্যোগত এই প্ৰাকৃতিক পূজা আজি মাজি থান প্ৰাংগনত পালন কৰা হয়। এই উপলক্ষে গাঁওখনৰ কিশোৰ কিশোৰীৰ পৰা বৃদ্ধ লৈকে সকলোৱে মিলিজুলি উলহ মালহৰে প্ৰাকৃতিক পূজা পালন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু