বিটিচি সচিবালয়ৰ ঘটনাৰ তদন্তত এজনীয়া সদস্য বিশিষ্ট তদন্ত আয়োগ গঠন
কোকৰাঝাৰ, ০৬ মাৰ্চ (হি.স.)। ২০২৫ চনৰ ২৯ নৱেম্বৰত কোকৰাঝাৰত স্থিত বিটিচি সচিবালয়ত সংঘটিত ঘটনাৰ পটভূমি আৰু পৰিস্থিতি বিশ্লেষণৰ উদ্দেশ্যে অসম চৰকাৰে এজনীয়া সদস্য বিশিষ্ট এক তদন্ত আয়োগ গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়মূ
বিটিচি সচিবালয়ৰ ঘটনাৰ তদন্তত এজনীয়া সদস্য বিশিষ্ট তদন্ত আয়োগ গঠন


কোকৰাঝাৰ, ০৬ মাৰ্চ (হি.স.)। ২০২৫ চনৰ ২৯ নৱেম্বৰত কোকৰাঝাৰত স্থিত বিটিচি সচিবালয়ত সংঘটিত ঘটনাৰ পটভূমি আৰু পৰিস্থিতি বিশ্লেষণৰ উদ্দেশ্যে অসম চৰকাৰে এজনীয়া সদস্য বিশিষ্ট এক তদন্ত আয়োগ গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়মূর্তি এইচ. এন. শৰ্মাৰ নেতৃত্বত উক্ত তদন্ত আয়োগ গঠন কৰা হৈছে।

কমিছন অব ইনকুৱাইৰী এক্ট, ১৯৫২ ৰ ধাৰা ৩ অনুসৰি গঠিত এই তদন্ত আয়োগে ঘটনাটোৰ সৈতে জড়িত সকলো দিশ গভীৰভাৱে পৰ্যালোচনা কৰিব। বিশেষকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন সমূহে কৰা প্ৰতিবাদৰ কাৰণ, প্ৰতিবাদ কাৰ্যসূচীৰ ধাৰাবাহিকতা, বিটিচি সচিবালয় অভিমুখে কৰা মাৰ্চ, বেৰিকেড ভঙা, বলপূৰ্বক প্ৰৱেশ আৰু সা সম্পত্তি ধ্বংস কৰা অভিযোগ সমূহৰ বিষয়ে তদন্ত চলোৱা হ’ব।

ইয়াৰ লগতে ঘটনাৰ সময়ত জিলা প্ৰশাসন, আৰক্ষী আৰু বিটিচি সচিবালয় কৰ্তৃপক্ষৰ ব্যৱস্থা আৰু সঁহাৰিৰ উপযুক্ততা, লগতে পৰিস্থিতি আগতেই অনুমান বা নিয়ন্ত্ৰণ কৰাত কোনো ধৰণৰ ত্ৰুটি বা ব্যৰ্থতা আছিল নে নাই সেই বিষয়টোও তদন্তৰ আওতালৈ অনা হ’ব। একে সময়তে চৰকাৰী সম্পত্তিত হোৱা ক্ষতি আৰু চৰকাৰী কাম-কাজত হোৱা বিঘিনিৰ পৰিমাণো মূল্যায়ন কৰা হ’ব। এই সন্দৰ্ভত অসম চৰকাৰ, বিটিচি, বড়োলেণ্ড বিশ্ববিদ্যালয়, ক্ষতিগ্ৰস্ত ব্যক্তি, বিভিন্ন সংগঠন আৰু বিষয়টোৰ সৈতে পৰিচিত সাধাৰণ নাগৰিক সকলক লিখিত বক্তব্য বা প্ৰতিনিধিত্ব আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।

উক্ত লিখিত বক্তব্য সমূহ ব্যক্তিগতভাৱে বা যৌথভাৱে দাখিল কৰিব পাৰিব। ইয়াত আবেদনকাৰীৰ সম্পূৰ্ণ নাম, ডাক ঠিকনা আৰু যোগাযোগ নম্বৰ উল্লেখ কৰাৰ লগতে সমৰ্থনমূলক নথিপত্ৰ আৰু সম্ভাৱ্য সাক্ষীৰ তালিকা সংযুক্ত কৰিব লাগিব। লগতে দাখিল কৰা তথ্য সমূহৰ সমৰ্থনত এক শপতনামাও সংযুক্ত কৰিব লাগিব।

উক্ত লিখিত বক্তব্য সমূহ তিনিখন প্ৰতিলিপিত তদন্ত আয়োগৰ কাৰ্যালয়ত অফিচ সময়ৰ ভিতৰত ব্যক্তিগতভাৱে অথবা ৰেজিষ্টাৰ্ড পোষ্ট/স্পীড পোষ্টৰ জৰিয়তে ২৬ মাৰ্চ, ২০২৬ তাৰিখৰ ভিতৰত পঠিয়াব লাগিব। লগতে কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তেও এই আবেদন সমূহ দাখিল কৰিব পাৰিব। সেইক্ষেত্ৰত সহকাৰী আয়ুক্ত শুভম সিন্হাই আবেদন সমূহ তদন্ত আয়োগলৈ আগবঢ়াব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande