
শোণিতপুৰ, ০৬ মাৰ্চ (হি.স.)। তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ ভড়ালত অব্যাহত আছে শ্ৰমিকৰ প্ৰতিবাদ৷ বিগত এসপ্তাহ ধৰি অচল হৈ আছে ভাৰতীয় খাদ্য নিগমৰ ভড়াল৷ দৰিদ্ৰ লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা অত্যাবশ্যকীয় আৰু জৰুৰী খাদ্য সামগ্ৰী পচিছে এতিয়া ৰেলৰ ডবাৰ ভিতৰত৷ কিয়নো গুৰুগোসাই নমনা ঠিকাদাৰ দুল দুল চৌধুৰীয়ে আদায় দিয়া নাই শ্ৰমিক সকলৰ প্ৰভিদেন্ট ফাণ্ডৰ প্ৰায় ২৫ লাখৰো অধিক ধন৷
জিলা আয়ুক্তৰ সৈতে শ্ৰমিক সকলে কালি আলোচনা কৰাৰ অন্তত বিষয়টো মিমাংসা হোৱাৰ পথত আছিল যদিও জিলা আয়ুক্ত গৰাকীক বিপথে পৰিচালিত কৰি গুৱাহাটী আজাৰাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্বত্তাধিকাৰী দুল দুল চৌধুৰীয়ে শ্ৰমিক সকলৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰে৷ তাৰপিছতে শ্ৰমিক নেতা একাংশক আটক কৰি নিশাটো থানাত বহুৱাই ৰাখে শোণিতপুৰ আৰক্ষীয়ে৷ ইয়াকে কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃস্টি হয় ভাৰতীয় খাদ্য নিগমৰ ভৰালত৷
বিগত এসপ্তাহে ৰেলৰ ডবাতে পচিছে চাউল৷ ইয়াৰ পূৰ্বে শ্ৰমিক, আন একাংশ লোকে দুল দুল চৌধুৰীৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাছিল৷ কিন্তু কালি আলোচনাৰ বাবে শ্ৰমিক নেতাক মাতি নি নিশা ২ /বজালৈ থানাত বহুৱাই ৰখাৰ আঁৰৰ অংকটো কি সকলোৱেই বুজিছে বুলি শ্ৰমিক সকলে অভিযোগ কৰিছে৷ একাংশ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াতে দুলদুল চৌধুৰীয়ে যে এইদৰে দপদপাই আছে সেয়াও নিশ্চিত৷ শ্ৰমিকৰ উপৰিও পূৰ্বে চৌধুৰীৰ অধিনত কাম কৰা বহুগোটে প্ৰায় ২০ লাখ, ২৫ লাখ পাবলৈ আছে চৌধুৰীৰ পৰা৷ এইক্ষেত্ৰত এতিয়া ঠিকাদাৰ চৌধুৰীৰ বিৰূদ্ধে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হব৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা