শোণিতপুৰৰ বালিপৰাত চাইকেলেৰে ভাৰত ভ্ৰমন কৰা যুৱক
শোণিতপুৰ, ০৬ মাৰ্চ (হি.স.)। শোণিতপুৰৰ বালিপৰাত আজি চাইকেলেৰে ভাৰত ভ্ৰমণ কৰা এজন যুৱক উপস্থিত হয়। পশ্চিম বংগৰ শিলিগুৰিৰ বাগডোগৰাৰ শ্যামা প্ৰসাদ বিশ্বাস নামৰ যুৱক জনে বিগত চাৰিমাহ পূৰ্বে এখন চাইকেল লৈ দেশৰ পাৰিপাৰ্শ্বিকতা, প্ৰদুষন , পৰিস্কাৰ পৰিচ্
শোণিতপুৰৰ বালিপৰাত চাইকেলেৰে ভাৰত ভ্ৰমন কৰা যুৱক


শোণিতপুৰ, ০৬ মাৰ্চ (হি.স.)। শোণিতপুৰৰ বালিপৰাত আজি চাইকেলেৰে ভাৰত ভ্ৰমণ কৰা এজন যুৱক উপস্থিত হয়। পশ্চিম বংগৰ শিলিগুৰিৰ বাগডোগৰাৰ শ্যামা প্ৰসাদ বিশ্বাস নামৰ যুৱক জনে বিগত চাৰিমাহ পূৰ্বে এখন চাইকেল লৈ দেশৰ পাৰিপাৰ্শ্বিকতা, প্ৰদুষন , পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ।

ইতিমধ্যে ভাৰতবৰ্ষৰ মণিপুৰ আৰু ছিকিমৰ বাহিৰে সকলো ৰাজ্য ভ্ৰমণ কৰা বুলি যুৱক জনে জানিবলৈ দিয়ে। আজি যুৱক জনে অৰুনাচল প্ৰদেশলৈ যাত্ৰা কৰে যদিও আগন্তুক এক মাহৰ ভিতৰত ভ্ৰমণৰ সামৰণি মাৰিব বুলি উল্লেখ কৰে । এই যাত্ৰা কালত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলিও তেও জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande