

শ্ৰীভূমি, ০২ মাৰ্চ (হি.স.)। শ্ৰীভূমি জিলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটসহ দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰি কৰে৷
মুখ্যমন্ত্ৰীৰ মতে, শ্ৰীভূমি আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে। এই গোচৰত দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। অবৈধ মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাত আৰক্ষীয়ে সফলতাৰে অভিযান চলাই আছে। এই কামৰ বাবে অসম আৰক্ষী আৰু শ্ৰীভূমি আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে। আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া