
বৰপেটা, ০২ মাৰ্চ (হি.স.): বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা কুখ্য়াত ড্ৰাগছ ব্যৱসায়ী । বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী থানাৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ আৰিফ হুচেইন ( ২৬) বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে দেওবাৰে নিশা কৰায়ত্ত কৰে কুখ্য়াত ড্ৰাগছ ব্যৱসায়ীটোক। গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰোধী অভিযান। অভিযানকালত ধৃত আৰিফ হুছেইনৰ পৰা ৮ টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। ধৃত আৰিফ হুছেইনৰ বিৰুদ্ধে তাৰাবৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ