যোৰহাট জিলাৰ টীয়ৰকৰ লাহদৈগড়ত দুই জাই সজীৱ গুলি সহিতে এটা পিষ্টল উদ্ধাৰ
যোৰহাট, ২২ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ৰকৰ লাহদৈগড়ত দুই জাঁই সজীৱ গুলি সহিতে এটা পিষ্টল উদ্ধাৰ কৰা হৈছে । এই সন্দৰ্ভত পিষ্টল সহিতে লাহদৈগড় নতুন মেলেং গাঁৱৰ গোপাল দাস নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে । লাচিত মৈদাম পথত লাহদৈগড় আৰক্ষীৰ বিশেষ অ
যোৰহাট জিলাৰ টীয়ৰকৰ লাহদৈগড়ত দুই জাই সজীৱ গুলি সহিতে এটা পিষ্টল উদ্ধাৰ ।


যোৰহাট, ২২ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ৰকৰ লাহদৈগড়ত দুই জাঁই সজীৱ গুলি সহিতে এটা পিষ্টল উদ্ধাৰ কৰা হৈছে । এই সন্দৰ্ভত পিষ্টল সহিতে লাহদৈগড় নতুন মেলেং গাঁৱৰ গোপাল দাস নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে ।

লাচিত মৈদাম পথত লাহদৈগড় আৰক্ষীৰ বিশেষ অভিযানত উদ্ধাৰ কৰা হৈছে সজীৱ গুলি সহ পিষ্টলটো । উদ্ধাৰ হোৱা পিষ্টলটো ৭.৬৫ এম এমৰ বুলি জানিব পৰা গৈছে । এইক্ষেত্ৰত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande