
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। গুৱাহাটীত বশিষ্ঠ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই গোচৰৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষীয়ে এ এছ ০১ জে চি ৬৪৫৮ নম্বৰৰ এখন ট্ৰাকত তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। সৰবৰাহকাৰীয়ে অতি চতুৰতাৰে ড্ৰাগছখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল। ইফালে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি আৰক্ষীয়ে জনায়।
এই গোচৰত চাৰিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত চোৰাং সৰবৰাহকাৰীকেইজনক ক্ৰমে নবীৰ আলী, ছাইফুল হক, কুতুবুদ্দিন শ্বেখ, আৰু ৰবি বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ হোৱা আটাইকেইজন সৰবৰাহকাৰীক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী