মহানগৰীত জাল মুদ্ৰাসহ ধৃত এজন
One person arrested
बरामद की गई नकली नोट


नकली नोट समेत एक गिरफ्तार


গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে জাল মুদ্ৰাৰ ব্যৱসায়ৰ লগত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, থানাৰ অধীনস্থ উলুবাৰীত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই অভিযুক্তক জাল মুদ্ৰাসহ গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তৰ নাম আছিব আলম (২৩, লখিমপুৰ) বুলি জনা গৈছে।

অভিযুক্তৰ পৰা আৰক্ষীয়ে ৬,৮০,৫০০ নকল ৫০০ ₹ নোট, এটা আইফোন, আৰু ৬২০ ₹ নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি ধৃত অভিযুক্তক লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande