
গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ হাতীগাঁও থানা এলেকাত দুটা পৃথক চুৰি গোচৰৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত অভিযুক্তৰ ভিতৰত আছে এহাল দম্পতী । আৰক্ষীৰ মতে, এটা গোচৰত অভিযুক্তই ট্ৰাকৰ বেটাৰী চুৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে আনটো গোচৰত শ্বপিং মলৰ কাপোৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে ।
আৰক্ষীৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ৩০৩(২) ধাৰাত হাতীগাঁও থানাৰ গোচৰ নং ২৪১/২০২৬ৰ অধীনত ৰুজু হোৱা গোচৰত নৈশ টহলদাৰী দলে ৰাজীৱ আহমেদ (২৬)ক গ্ৰেপ্তাৰ কৰে। অভিযোগ মতে, কামৰূপ মহানগৰ জিলাৰ হাতীগাঁও আৰক্ষী থানা এলেকাৰ নটবোমা হাউচফেড এলেকাৰ বাসিন্দা ৰাজীৱে এ এছ ০১ এফ চি ৯২৩৫ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা ট্ৰাক খনৰ পৰা চুৰি বেটাৰী লৈ পলায়নৰ চেষ্টা চলাইছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হয় আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।
ইফালে হাতীগাঁও থানাৰ গোচৰ নং ২৪৪/২০২৬ৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাৰিনা খাতুন (২৮) আৰু তেওঁৰ স্বামী কাজী জাহিদুল ইছলাম (২৫)ক । বেলতলা জৰীপৰ পণ্টালুন শ্বপিং মলৰ পৰা কাপোৰ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীয়ে দুয়োজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰি আদালতত দাখিল কৰি ন্যায়িক জিম্মাত লোৱাৰ বাবে ৰিমাণ্ড প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ