
মৰিগাঁও, ১৫ মাৰ্চ (হি.স.): মৰিগাঁৱৰ ভেলৌগুৰিত যোৱা কালি শনিবাৰে সন্ধিয়া আৰক্ষীৰ কৱলত ড্ৰাগছ সহ এজনক আটক কৰা হয় । আটক কৰা লোকজনৰ নাম হাতেম আলি বুলি জানিব পৰা গৈছে ।
ধৃত হাতেম আলিৰ ঘৰ মৈৰাবাৰীৰ ভেলৌগুৰিত । ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত চলা অভিযানত লোকজনৰ বাসগৃহত অভিযান চলাই ৩৫ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে হাতেম আলিক ভেলৌগুৰি থানাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ