
কোকৰাঝাৰ, ১২ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰীবাৰীত দুটা গভাইত ছাগলী চোৰক আটক কৰা হৈছে । ৰাইজে খেদি খেদি আটক কৰে চোৰটোক।আটক হোৱা চোৰটো দুটা লাল মিঞা আৰু সুকাৰু ৰায় বুলি জনা গৈছে।ছাগলী চুৰি কৰি বাইকেৰে সৰবৰাহ কৰতে আটক কৰে চোৰটোক।
চোৰ দুটাৰ পৰা এএছ ১৭ এ ১২৭৮ আৰু এএছ ১৭ কিউ ২৯৫৯ নম্বৰৰ দুখন বাইক উদ্ধাৰ কৰে।ৰাইজে চোৰ দুটাক বগৰীবাৰী আৰক্ষীক গতাই দিয়ে। চোৰ দুটাৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। বগৰীবাৰী আৰক্ষীয়ে চোৰ দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ