নলবাৰীত বাইক চুৰি গেং আটক
নলবাৰীত বাইক চুৰি গেং আটক ৷
নলবাৰীত বাইক চুৰি গেং আটক


নলবাৰী, ১৫ মাৰ্চ (হি.স.): নলবাৰীত যোৱা কালি শনিবাৰে নিশা বাইক চুৰি গেং এটা আটক কৰা হয় ৷ নলবাৰী চহৰৰ মালিকুছিৰ ত্ৰিনয়ন মন্দিৰৰ সমীপৰ দীপেন বৰ্মন নামৰ লোকজনৰ ঘৰত ১৪ খন চুৰি বাইক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

নলবাৰী চহৰৰ চ'ক বজাৰৰ পৰা চুৰি হোৱা এখন বাইকৰ তদন্ত কৰি নলবাৰী চহৰৰ প্ৰেমদাৰ চকত স্থানীয় এটা যুৱকৰ দলে আটক কৰিছিল দীপজ্যোতি ৰাজবংশী নামৰ এটা বাইট চোৰ । যুৱকৰ দলটোৱে দীপজ্যোতি ৰাজবংশীক আৰক্ষীক গোটাই দিয়ে । আৰক্ষীয়ে দীপজ্যেতিৰ ভাষ্যৰ ভিত্তিত নিশাই উদ্ধাৰ কৰিছে ১৪ খনকৈ চুৰি বাইক । সম্প্ৰতি এই বাইকসমূহ আৰক্ষীয়ে নিজৰ জিম্মালৈ নি ইয়াৰ গৰাকীৰ সন্ধান চলাই আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande