ইৰাকৰ আৰবিলত ইটালীৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ
ৰোম, ১২ মাৰ্চ (হি.স.)। ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ আৰবিলত ইটালীৰ এটা সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছে । অৱশ্যে এই আক্ৰমণত কোনো ইটালীৰ জোৱান আহত বা নিহত হোৱাৰ খবৰ পোৱা নাই । ইফালে, ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইজৰাইলৰ সামৰিক কাৰ্যক লৈ প্ৰশ্ন
इराक के एरबिल में इटली का सैन्य ठिकाना


ৰোম, ১২ মাৰ্চ (হি.স.)। ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ আৰবিলত ইটালীৰ এটা সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছে । অৱশ্যে এই আক্ৰমণত কোনো ইটালীৰ জোৱান আহত বা নিহত হোৱাৰ খবৰ পোৱা নাই । ইফালে, ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইজৰাইলৰ সামৰিক কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে গাজাত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ আৰু ন্যায্য হ’ব নোৱাৰে।

১২ দিন ধৰি আমেৰিকা-ইজৰাইল-ইৰাণৰ যুদ্ধ চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । ইতিমধ্যে ইৰাণে সকীয়াই দিছে যে ইৰাণে এই অঞ্চলত থকা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটি আৰু তেওঁলোকৰ মিত্ৰ দেশসমূহক লক্ষ্য কৰি ল’ব। ইফালে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে স্পষ্ট কৰি দিছে যে তেওঁৰ দেশখনে ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ সামৰিক কাৰ্যসূচীত অংশগ্ৰহণ নকৰে।

ইটালীৰ টিভি চেনেল স্কাই টি জি ২৪ৰ উদ্ধৃতিৰে তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা আনাডোলু এজেন্সীয়ে (এ এ) প্ৰকাশ কৰা অনুসৰি ইৰাকৰ আৰবিলত থকা ইটালীৰ সামৰিক ঘাটিত নিশাটোৰ ভিতৰতে ক্ষেপণাস্ত্ৰৰ আঘাত হানিছে। ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে (১২ মাৰ্চ) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে এই আক্ৰমণত কোনো ইটালীৰ সৈনিক আহত হোৱা নাই আৰু সকলোৱে নিৰাপদ ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে কয় যে আক্ৰমণৰ সময়ত জোৱানসকলে বাংকাৰত আশ্ৰয় লৈছিল আৰু সুৰক্ষিত আছিল । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, আৰবিলত প্ৰায় ৩০০ ইটালীৰ সৈন্য নিয়োজিত হৈ স্থানীয় কুৰ্দি নিৰাপত্তা বাহিনীক প্ৰশিক্ষণ দিয়াৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছে। ইফালে ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰ’ছেট্টোৱে গাজাত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ কয় যে এই আক্ৰমণসমূহক “এতিয়া ন্যায্যতা প্ৰদান কৰিব নোৱাৰি” আৰু পৰিস্থিতি ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিছে। ইটালীৰ এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে গাজাত হামাছৰ সৈতে কোনো সম্পৰ্ক নথকা নিৰীহ পুৰুষ, মহিলা আৰু শিশুৰ অধিকাৰ অৱহেলা কৰা হৈছে । তেওঁ কয় যে হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল যদিও সামৰিক পন্থা বেলেগ হ’ব লাগিছিল । ক্ৰ’ছেট্টোৰ মতে, কেইবাখনো দেশে আৰম্ভণিৰে পৰাই সকীয়াই দিছিল যে ৰাফাত আক্ৰমণৰ পৰা হাত সাৰিব লাগে, কিন্তু এই পৰামৰ্শক আওকাণ কৰা হৈছিল ।

শেহতীয়াকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিঅ’ মেল’নীয়ে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মহম্মদ মুস্তাফাৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পিছতে ইটালীয়ে গাজাৰ সাধাৰণ নাগৰিকক সহায় কৰিবলৈ নতুন আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে । ইটালীৰ সংবাদ মাধ্যমৰ মতে ইটালীয়ে প্ৰায় ৩৫ মিলিয়ন ইউৰো (প্ৰায় ৩৭২ কোটি টকা) প্ৰদান কৰিব। ইয়াৰে ৫০ লাখ ইউৰো ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থা (ইউএনআৰডব্লিউএ)ক দিয়া হ’ব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande