
ইস্তানবুল, ১২ মাৰ্চ (হি.স.)। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ মাজতে বুধবাৰে হৰমুজ জলদ্বীপত এখন জাহাজত হোৱা আক্ৰমণৰ সন্দৰ্ভত ইৰাণৰ পৰা স্পষ্টীকৰণ বিচাৰিছে থাইলেণ্ডে । ঘটনাৰ সময়ত জাহাজখনত মুঠ ২৩ জন লোক আছিল, ইয়াৰে তিনিজন ক্ৰু নিৰুদ্দেশ হোৱাৰ বিপৰীতে বাকীকেইজনক উদ্ধাৰ কৰা হৈছে । এই ঘটনাই পূব এছিয়াৰ জলসীমাৰ পৰিস্থিতি অধিক তীব্ৰতৰ কৰি তুলিছে ।
তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা আনাডোলুৱে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে হৰমুজ জলদ্বীপত থাইলেণ্ডৰ পতাকা থকা জাহাজ এখনত হোৱা আক্ৰমণৰ পিছত বৃহস্পতিবাৰে বেংককে ইৰাণৰ পৰা ব্যাখ্যা দাবী কৰিছিল আৰু প্ৰতিবাদ দাখিল কৰিছিল ।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবি (ইউ এ ই)ৰ পৰা ভাৰতলৈ যোৱাৰ পথত ২৩ জন থাই ক্ৰু মেম্বাৰ কঢ়িয়াই অনা ময়ুৰী নাৰী জাহাজখনক আক্ৰমণ কৰা হয় । একে সময়তে হৰমুজ জলদ্বীপত ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণ চলি আছিল আৰু তেহৰানে অঞ্চলটোত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে প্ৰত্য়াক্ৰমণ কৰিছিল।
থাইলেণ্ডৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে আনাডোলু এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰালয়ে বেংককত থকা ইৰাণৰ ৰাষ্ট্ৰদূত নাছেৰুদ্দিন হাইদাৰীক মাতি আনি ব্যাখ্যা বিচাৰিছে। থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰালয়ে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে সংযমৰ বাবে আবেদন জনায়। মন্ত্ৰালয়ে উল্লেখ কৰে যে পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বৰ নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। এই সংকটে অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰৰ নিৰীহ সাধাৰণ নাগৰিকৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে ।
এই আক্ৰমণৰ পিছত ওমানীৰ নৌসেনাই নিৰাপদে উদ্ধাৰ কৰে ২০ জন ক্ৰু সদস্যক । অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে তিনিজন। এই আক্ৰমণৰ সময়ত জাহাজখনৰ ইঞ্জিন ৰুমত কাম কৰি থকা বুলি সন্দেহ কৰা হৈছে । তেওঁলোকৰ সন্ধান উলিয়াবলৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ।
ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে শেহতীয়াকৈ ঘোষণা কৰিছে যে হৰমুজ জলদ্বীপ অতিক্ৰম কৰা যিকোনো জাহাজে এতিয়া তেহৰাণৰ পৰা অনুমতি ল’ব লাগিব । ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক যাতায়ত আৰু বাণিজ্যত ব্যাঘাত জন্মোৱাৰ আশংকা বৃদ্ধি পাইছে ।
২৮ ফেব্ৰুৱাৰীৰ পৰা চলি থকা আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ বিমান আক্ৰমণৰ মাজতে এই ঘটনা সংঘটিত হৈছে, য’ত প্ৰায় ১৩০০ লোকৰ মৃত্যু হৈছে। ইৰাণে ইয়াৰ প্ৰতিশোধ লৈ ইজৰাইল, জৰ্ডান, ইৰাক, আৰু আমেৰিকাৰ সামৰিক ঘাটি থকা উপসাগৰীয় দেশসমূহক লক্ষ্য কৰি ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছে ।
তদুপৰি বেংককে পশ্চিম এছিয়াৰ পৰা নিজৰ নাগৰিকক উলিয়াই অনাৰ কাম অব্যাহত ৰাখিছিল । ইৰাণৰ পৰা খালী কৰা ৩৪ জন থাই নাগৰিকৰ এটা নতুন গোট বৃহস্পতিবাৰে তুৰ্কিয়ে হৈ থাইলেণ্ডত উপস্থিত হয় ।
আনাডোলুৰ গণনা অনুসৰি ২৮ ফেব্ৰুৱাৰীৰ পৰা এই উত্তেজনা আৰম্ভ হোৱাৰ পিছৰে পৰা এছিয়াৰ দেশৰ কমেও ১৬ জন লোক নিহত হৈছে বা নিৰুদ্দেশ হৈছে । ইয়াৰ ভিতৰত আছে বাংলাদেশৰ চাৰিজন, পাকিস্তান আৰু ভাৰতৰ তিনিজন, চীন, নেপাল আৰু ফিলিপাইনছৰ এজনকৈ আৰু ইণ্ডোনেছিয়াৰ তিনিজন ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া