নেপালৰ নতুন চৰকাৰৰ বাবে বিশেষজ্ঞ মন্ত্ৰীৰ এটা দল গঠন কৰাত ব্যস্ত বলেন্দ্ৰ শ্বাহ
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ মন্থন । প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বলেন্দ্ৰ শ্বাহে নিজৰ দলৰ মন্ত্ৰী পদৰ বিষয়ে অহৰহ আলোচনা কৰি আছে । নিৰ্বাচনী ইস্তাহাৰত আৰ এছ পিয়ে ফেডাৰেল মন্ত্ৰালয়ৰ
बालेन शाह


কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ মন্থন । প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বলেন্দ্ৰ শ্বাহে নিজৰ দলৰ মন্ত্ৰী পদৰ বিষয়ে অহৰহ আলোচনা কৰি আছে ।

নিৰ্বাচনী ইস্তাহাৰত আৰ এছ পিয়ে ফেডাৰেল মন্ত্ৰালয়ৰ সংখ্যা হ্ৰাস কৰি “বিশেষজ্ঞ মন্ত্ৰী” নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । এতিয়া সংসদীয় নির্বাচনত প্রায় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত এই প্রতিশ্রুতি দলটোৱে কেনেদৰে ৰূপায়ণ কৰিব সেই লৈ প্রশ্ন উত্থাপন হৈছে ৷ যদিও ইস্তাহাৰত স্পষ্টভাৱে কোৱা হোৱা নাই যে ফেডাৰেল সংসদৰ বাহিৰৰ পৰা মন্ত্ৰী নিযুক্তি দিয়া হ’ব, তথাপিও বলেন্দ্ৰ শ্বাহৰ মূল দলটোৱে বৰ্তমান সাংসদ আৰু অসাংসদ উভয়কে ধৰি বিশেষজ্ঞৰ তালিকা প্ৰস্তুত কৰি আছে ।

নেপালৰ সংবিধানৰ ৭৬(৯) অনুচ্ছেদত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ফেডাৰেল সংসদৰ সদস্যসকলৰ মাজৰ পৰা মন্ত্ৰী পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে, যাতে সৰ্বাংগীনতা নিশ্চিত কৰা হয়। সংবিধান অনুসৰি প্ৰধানমন্ত্ৰীকে ধৰি সৰ্বাধিক মন্ত্ৰী ২৫ জন হ’ব পাৰে।এই ব্যৱস্থাৰ অধীনত মূলতঃ প্ৰতিনিধি সদন আৰু ৰাষ্ট্ৰীয় বিধানসভাৰে গঠিত নেপালৰ ফেডাৰেল সংসদৰ সদস্যৰ মাজৰ পৰা মন্ত্ৰী নিযুক্তি দিব পাৰি ।

কিন্তু সংবিধানত অসাংসদসকলক সীমিত সময়ৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থাও আছে । ৭৮ নং অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে যিকোনো ব্যক্তিক মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে, কিন্তু সেই ব্যক্তিজন শপত গ্ৰহণ কৰাৰ ছমাহৰ ভিতৰত ফেডাৰেল সংসদৰ সদস্য হ’ব লাগিব । অৰ্থাৎ যদি কোনো অসাংসদক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় তেন্তে এই সময়সীমাৰ ভিতৰত সংসদৰ সদস্য নহ’লে তেওঁলোকে সৰ্বাধিক ছমাহ কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে ।

কাঠমাণ্ডু-৭ৰ পৰা নৱনিৰ্বাচিত সাংসদ তথা আৰ এছ পিৰ নেতা গণেশ পাৰাজুলিয়ে কয় যে ইস্তাহাৰত ব্যৱহৃত “বিশেষজ্ঞ” শব্দটোৱে দলৰ ভিতৰত নিৰ্বাচিত যোগ্য ব্যক্তিক বুজায়, বাহিৰৰ কাৰিকৰী বিশেষজ্ঞক নহয় । তেওঁ কয় যে বিশেষজ্ঞ বুলিলে সেই ক্ষেত্ৰত জ্ঞান আৰু অভিজ্ঞতা থকা কোনোবা এজনক বুজোৱা হয়। ইয়াৰ অৰ্থ বাহিৰৰ পৰা মানুহ অনা নহয় । বৰ্তমানৰ সংসদীয় ব্যৱস্থা আৰু সাংবিধানিক কাঠামোৰ অধীনত সাংবিধানিক সংশোধনী অবিহনে এইটো সম্ভৱ নহয় ।

পাৰাজুলিৰ মতে, সংশ্লিষ্ট ক্ষেত্ৰত বিশেষজ্ঞতা থকা দক্ষ ব্যক্তিকহে উপযুক্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়াটোহে দলৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, ইস্তাহাৰ অনুসৰি আৰ এছ পি নেতৃত্বাধীন চৰকাৰখনত গঠন হোৱা নতুন মন্ত্ৰী পৰিষদত মন্ত্ৰীৰ সংখ্যা ১৮ জনলৈ সীমাবদ্ধ হোৱাৰ সম্ভাৱনা আছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande