
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। মানৱ সৰবৰাহকাৰীৰ প্ৰতাৰণাত কম্বোডিয়াত আবদ্ধ হৈ থকা ষোল্লজন নেপালী নাগৰিকক বৃহস্পতিবাৰে দেশলৈ ঘূৰাই পঠিওৱা হয় । বেংককত থকা নেপালী দূতাবাস, কম্বোডিয়া চৰকাৰ আৰু নন-ৰেচিডেণ্ট নেপালী এছ’চিয়েশ্যনে (এন আৰ এন এ) এই প্ৰচেষ্টাৰ সমন্বয় সাধন কৰে ।
দূতাবাসৰ মতে এই মানুহবোৰক বিভিন্ন মাধ্যমৰ জৰিয়তে কম্বোডিয়ালৈ লৈ গৈ অবৈধভাৱে চলোৱা অনলাইন স্কেমিং (ঠগী) কেন্দ্ৰ আৰু কেছিন'ত বেআইনী কাম কৰিবলৈ বাধ্য কৰা হৈছিল । তদুপৰি তেওঁলোকৰ কিছুমানে ভিছা অবিহনে তাতেই বাস কৰিছিল। দূতাবাসে উল্লেখ কৰে যে তাত এতিয়াও কঠিন পৰিস্থিতিত আবদ্ধ হৈ থকা আন নেপালী নাগৰিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ।
দূতাবাসে কম্বোডিয়াত ভিছাৰ অতিৰিক্ত সময় থকা বা অবৈধ কামত বাধ্য হোৱা যিকোনো নেপালী নাগৰিকক তৎক্ষণাত তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ বাবে নেপালী দূতাবাসে শিৱৰাজ পাৰাজুলি (+৮৫৫ ১২ ২১৫ ৫৭৮), লালসিং খাদকা (+৮৫৫ ৯৩ ২০৩ ৬৬৬), আৰু ৰামজী শ্ৰীকুমাৰ ছেত্ৰী (+৮৫৫ ৯৬ ৩৪৬ ৫৭৮৮)ৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ প্ৰদান কৰিছে। ক্ষতিগ্ৰস্ত নেপালী নাগৰিকে প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াত সহায়ৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে ।
দূতাবাসে লগতে উল্লেখ কৰিছে যে বহু ক্ষেত্ৰত কেলেংকাৰী কেন্দ্ৰত শ্ৰমিক নিয়োগ কৰা কোম্পানীসমূহে শ্ৰমিকৰ পাছপ’ৰ্টসমূহ ধৰি ৰাখিছে বা এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰাৰ সময়ত তেওঁলোকৰ নথি-পত্ৰ হেৰুৱাই পেলাইছে । এনে ক্ষেত্ৰত দূতাবাসে বেংককৰ পৰা বিনামূলীয়া একমুখী যাত্ৰাৰ অনুমতি প্ৰদান কৰি প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিছে । নেপাল চৰকাৰে স্থাপন কৰা পদ্ধতি অনুসৰিহে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যাবলৈ নেপালী নাগৰিকক আহ্বান জনাইছে দূতাবাসে । দ্ৰুত আৰু ডাঙৰ টকা উপাৰ্জনৰ আশাত কম্বোডিয়া, লাওছ, ম্যানমাৰ আদি দেশলৈ গৈ অবৈধ কৰ্মসংস্থাপনত আবদ্ধ নহ’ব ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া