
কাঠমাণ্ডু, ০৯ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰবাৰ বায়ু প্ৰদূষণৰ মাত্ৰা আতংকজনক মাত্ৰাত উপনীত হৈছে। বিশ্বজুৰি বায়ু প্ৰদূষণ নিৰীক্ষণ কৰা চুইজাৰলেণ্ডৰ বায়ুৰ গুণাগুণ প্ৰযুক্তি কোম্পানী আইকিউএয়াৰৰ শেহতীয়া তথ্য অনুসৰি বিশ্বৰ ১০খন আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত কাঠমাণ্ডু ষষ্ঠ স্থানত আছে।
আজি পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত কাঠমাণ্ডুৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ১৮৪ত ৰেকৰ্ড কৰা হয়।১৫০ৰ ওপৰৰ এএকিউআইৰ মাত্ৰা অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, যাৰ ফলত কাঠমাণ্ডুৰ বায়ু উশাহ-নিশাহৰ বাবে বিপজ্জনক হৈ পৰে।
আইকিউএয়াৰৰ তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰখন হৈছে পাকিস্তানৰ লাহোৰ, য’ত একিউআই ২৬১।দ্বিতীয় স্থানত আছে আফগানিস্তানৰ কাবুল (২৩৮), আৰু ভাৰতৰ ৰাজধানী নতুন দিল্লী (২২০)। চতুৰ্থ স্থানত মংগোলিয়াৰ উলানবাটাৰ (১৯৮) আৰু পঞ্চম স্থানত আছে বাংলাদেশৰ ঢাকা (১৮৮)।
ভাৰতৰ কলকাতা (সপ্তম) আৰু মুম্বাই (নৱম)কে ধৰি শীৰ্ষ ১০খন প্ৰদূষিত চহৰৰ তালিকাত দক্ষিণ এছিয়াৰ চহৰসমূহে আধিপত্য বিস্তাৰ কৰিছে। প্ৰদূষণৰ ৰেংকিঙৰ তীব্ৰ বিপৰীতে পৰ্তুগালৰ ৰাজধানী লিছবনে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ বায়ু থকা চহৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। লিছবনৰ একিউআই মাত্ৰ ৬ ত ৰেকৰ্ড কৰা হৈছিল।
নেপালৰ বিশেষজ্ঞসকলে শিশু, বৃদ্ধ, আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকাসকলক বিশেষ সাৱধানতা অৱলম্বন কৰাৰ লগতে বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া