
শোণিতপুৰ, ০৯ ফেব্ৰুৱাৰী (হি.স.): শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত যোৱা কালি দেওবাৰে সন্ধিয়া চাৰিদুৱাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে তালাচী চলাই এখন বাহনৰ পৰা উদ্ধাৰ কৰা গাঞ্জাখিনি। অৰুণাচলৰ পৰা অনা হৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।
অৰুণচল দিশৰ পৰা অহা এএছ ০১ বিপি ৪৯২৯ নম্বৰৰ বাহনৰ পৰা উদ্ধাৰ কৰে ১৮৭ কেজি ওজনৰ ৩৭ টা গাঞ্জাৰ পেকেট । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৯৩ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে । এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে এই অভিযান চলাইছিল । অৱশ্য়ে বাহন খনৰ গৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ