বৰপেটাৰ আলোপতি চৰৰ বাঘমাৰাচৰ গাঁৱত ড্ৰাগছসহ আটক ১
বাঘমাৰাচৰ গাঁওত কালি নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে।
বৰপেটাৰ আলোপতি চৰৰ বাঘমাৰাচৰ গাঁৱত ড্ৰাগছসহ আটক ১


বৰপেটা, ১০ ফেব্ৰুৱাৰী (হি.স.): বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বাঘমাৰাচৰ গাঁৱত যোৱা কালি সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে। আলোপতি চৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া হবিবৰ ৰহমানৰ নেতৃত্বত গাঁওখনৰ জিন্নাদুৰ হক নামৰ লোকজনৰ ঘৰত চলা অভিযানত ৩৬ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত হেৰ'ইনখিনিৰ ওজন প্ৰায় ৩.৪৫ গ্ৰাম। জব্দকৃত ড্ৰাগছখিনি হেৰ'ইন বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জিন্নাদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি নিশাই থানালৈ লৈ যায়। স্থানীয় লোকে অভিযোগ কৰা মতে, দীৰ্ঘদিন ধৰি জিন্নাদুৰ হকে ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ আছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande