গোৱালপাৰাত তিনি জাল নোট ব্যৱসায়ী কৰায়ত্ত
গোৱালপাৰা, ১০ ফেব্ৰুৱাৰী (হি.স.)। গোৱালপাৰাৰ আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। আৰক্ষীয়ে খেদি খেদি ধৰিলে তিনি জাল নোট ব্যৱসায়িক। পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাশ বৰুৱাৰ নেতৃত্বত গোৱালপাৰা, আগিয়া আৰু লক্ষীপুৰ আৰক্ষ
গোৱালপাৰাত তিনি জাল নোট ব্যৱসায়ী কৰায়ত্ত


গোৱালপাৰা, ১০ ফেব্ৰুৱাৰী (হি.স.)। গোৱালপাৰাৰ আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। আৰক্ষীয়ে খেদি খেদি ধৰিলে তিনি জাল নোট ব্যৱসায়িক। পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাশ বৰুৱাৰ নেতৃত্বত গোৱালপাৰা, আগিয়া আৰু লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰৰ পৰা খেদি খেদি আহি শোলমাৰীৰ কোচপাৰাত তিনি জাল নোট ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জাল নোট ব্যৱসায়িৰ দলটোৰ পৰা ৭.৫ লক্ষাধিক জাল নোট উদ্ধাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাল নোট ব্যৱসায়ী কেইটা ক্ৰমে টুকুৰা তৃতীয় খণ্ডৰ ৰছিদুল ইছলাম ( ২৯), ৰামহৰিচৰ নাকালিয়াপাৰাৰ ৱাজেদ আলী (৩২) আৰু কৃষ্ণাইৰ জাহিদুল ইছলাম (২৬)। জাল নোট চক্ৰটোৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল আৰু দুখন বাইক উদ্ধাৰ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande