
ধুবুৰী, ০৮ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰীত ই ৰিক্সা চালকৰ ৰূপত ঘুৰিছে ডকাইত, গুণ্ডা বাহিনী। এনে ই ৰিক্সা চালকৰ আক্ৰমণত ধুবুৰীৰ ভাটি গোলাত আহত হয় এজন লোক।
জানিব পৰা মতে ধুবুৰীৰ ভাটি গোলাৰ ৱাৰ্ড নং ১০ ৰ বাসিন্দা প্ৰকাশ শ্বাহ নিজৰ কন্যাক স্কুল লৈ লৈ জোৱাৰ সময়তেই ই ৰিক্সাৰ সৈতে দূৰ্ঘটনাত পতিত হয়। ই ৰিক্সা চালক জনক ভালকৈ ৰিক্সা চলোৱাৰ বাবে কোৱাৰ লগতে আৰক্ষীক এই বিষয়ে ই ৰিক্সা চালক জনৰ বিৰূদ্ধে অভিযোগ দিয়াৰ কথা কৈ প্ৰকাশ শ্বাহ সেই ঠাইৰ পৰা আঁতৰি যায়। ই ৰিক্সা চালক জনে ব্যক্তি গৰাকীৰ পিছ লৈ ছয় জন কৈ ব্যক্তিক এক লগ কৰি দলে বলে ধুবুৰীৰ ২ নং পুলিচ পইণ্টৰ সন্মুখতেই অতৰ্কিতে আক্ৰমণ কৰে। প্ৰকাশ শ্বাহৰ মুখত কলা কাপোৰেৰে মেৰাই প্ৰচণ্ড ভাবে মাৰধৰ কৰি আহত কৰে প্ৰকাশ শ্বাহক। গুৰুতৰ ভাবে আহত কৰি দলটো সেই স্থানৰ পৰা পলাই যায়। ইতিমধ্যে প্ৰকাশ শ্বাহ এই ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীৰ কাষ চপাত ধুবুৰী আৰক্ষীয়ে ধুবুৰী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰাই গুণ্ডা বাহিনীৰ দলটোক বিচাৰি অভিযান আৰাম্ভ কৰিছে। পিছে ধুবুৰী চহৰৰ মাজ মজিয়াত এই ঘটনাই তীব্ৰ প্ৰতক্ৰিয়াৰ সৃষ্টি কৰিছে।এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভগীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ